চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল বলীউডৰ কিং শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’। প্ৰথম দুসপ্তাহত এই ছবিখনে বক্স অফিচত বিপুল ধন সংগ্ৰহ কৰিছিল আৰু অতি সোনকালেই ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰে ছবিখন । কিন্তু এতিয়া ছবিখনৰ সংকলন কিছু হ্ৰাস পাইছে । মুক্তিৰ ২১ দিনত ছবিখনে কিমান উপাৰ্জন কৰিছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷
মুক্তিৰ ২১ দিনত বক্স অফিচত ছবিখনে কিমান উপাৰ্জন কৰিছে ?
ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি প্ৰথম দিনাই ৭৫ কোটি টকাৰে বৃহৎ ধনেৰে বক্স অফিচত খাতা খুলিছিল জৱানে ৷ অৱশ্যে ছবিখনে মুক্তিৰ ২১ দিনত অৰ্থাৎ বুধবাৰৰ দিনটোত সকলো ভাষাতে মাত্ৰ ৫ কোটি টকাহে উপাৰ্জন কৰিব বুলি ছেকনিল্কৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । যদি এনে হয় ঘৰুৱা বক্স অফিচত ছবিখনৰ মুঠ সংগ্ৰহ হ’বগৈ প্ৰায় ৫৭৬ কোটি । মঙলবাৰে ছবিখনে বক্স অফিচত ৫.১৪ কোটি টকা উপাৰ্জন কৰিছিল । ছবিখনৰ সন্দৰ্ভত ওলাই অহা এই সংখ্যাবোৰলৈ চালে অনুমান কৰিব পাৰি যে এতিয়া ৰাইজৰ মাজত ‘জৱান’ৰ উন্মাদনা কমিবলৈ ধৰিছে । এনে পৰিস্থিতিত ছবিখনে ৬০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাটো অলপ কঠিন যেন লাগে । অৱশ্যে ছবিখনে বিশ্বব্যাপি এই পৰ্যন্ত ১০০৪.৯২ কোটি টকা সংগ্ৰহ কৰিছে ৷
শ্বাহৰুখৰ উপৰিও এই তাৰকাসকলক দেখা গৈছিল ছবিখনত