শ্বাহৰুখ খানৰ ছবি জৱানে বক্স অফিচত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে ৷ শুকুৰবাৰৰ পৰা এই ছবিখনৰ এডভান্স বুকিং আৰম্ভ হৈছে আৰু প্ৰথম দিনাই এডভান্স বুকিং কৰি অভিলেখ ভংগ কৰিছে জৱানে ৷
বলীউডত নতুন অভিলেখৰ সৃষ্টি কৰিব নেকি জৱানে ? এতিয়ালৈকে কিমান টিকট বিক্ৰী হ’ল জানেনে
চিটাৰা ডেস্ক, 2 ছেপ্তেম্বৰ: শুকুৰবাৰৰ পৰা মুকলি হ’ল বলীউডৰ কিং শ্বাহৰুখ খানৰ ছবি ‘জৱান’ৰ এডভান্স বুকিঙৰ দুৱাৰ ৷ সম্প্ৰতি এই ছবিখনক লৈ অনুৰাগীৰ মাজত এক প্ৰচণ্ড উন্মাদনা দেখা গৈছে ৷ আমি আপোনালোকক প্ৰথম দিনাই ‘জৱান’ৰ এডভান্স বুকিং ফিগাৰৰ তথ্য দিম, যাৰ বিষয়ে জানি আপুনিও আচৰিত হ’ব ৷
'জৱান'ৰ বাম্পাৰ এডভান্স বুকিং
বৃহস্পতিবাৰে মুক্তি পালে শ্বাহৰুখ খান অভিনীত ছবি ‘জৱান’ৰ বিস্ফোৰক ট্ৰেইলাৰ ৷ বৰ্তমান ছবিখনৰ ইয়াৰ পিছতে অনুৰাগীসকলে এই ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ এনে পৰিস্থিতিত এডভান্স বুকিং আৰম্ভ হোৱাৰ লগে লগে দৰ্শকে এই ছবিখন প্ৰথমে চোৱাৰ এক সোণালী সুযোগ লাভ কৰিছে, যাৰ সম্পূৰ্ণ সুবিধা তেওঁলোকে লৈছে ৷
যদি আমি প্ৰথম দিনাই ‘জৱান’ৰ টিকটৰ আগতীয়া বুকিং চাওঁ, তেন্তে ছেকনিলকৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানৰ এই ছবিখনে এক নতুন অভিলেখ গঢ়ি তুলিছে ৷ প্ৰথম দিনাই অভিলেখ ভংগ কৰি ২ লাখ ৭১ হাজাৰ ১৭৬ খন ‘জৱান’ৰ টিকট বিক্ৰী হৈছে, আগতীয়াকৈ বুকিং কৰাৰ এই পৰিসংখ্যা সঁচাকৈয়ে আচৰিত ৷
প্ৰথম দিনাই ‘জৱান’ৰ এডভান্স বুকিং গ্ৰাফ-
Language
Format
Gross
Tickets
Sold ATP
Hindi
2D
81072158
255153
293
Tamil
2D
549586
3754
155
Hindi
IMAX
7981599
11261
707
Telugu
2D
186308
1008
157
All India
89789651 [8.98 Cr]
271176
ইমানবোৰ টিকটৰ এডভান্স বিক্ৰীৰ বাবে শ্বাহৰুখৰ জৱানে এতিয়া বক্স অফিচৰ আনুমানিক এডভান্স সংগ্ৰহ প্ৰায় ৯ কোটি টকালৈ লৈ গৈছে ৷ ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ‘জৱান’ ছবিখনে মুকলিৰ দিনা বক্স অফিচত উপাৰ্জনৰ এক নতুন অধ্যায় ৰচনা কৰিবলৈ গৈ আছে ৷
এডভান্স বুকিঙৰ দুৱা খোল খোৱাৰ এদিনৰ ভিতৰতে প্ৰায় ৩ লাখৰ এডভান্স বুকিঙৰ ওচৰ চপা ‘জৱানে’ শ্বাহৰুখ খানৰ পূৰ্বৰ ছবি ‘পাঠান’ৰ অভিলেখ ভংগ কৰিছে ৷ এনে পৰিস্থিতিত অপেনিং ডে কালেকশ্যনত ‘জৱানে’ ‘পাঠান’ক পৰাস্ত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়াহে চাবলগীয়া হ’ব ৷ আপোনালোকক কওঁ যে ৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে ছবিগৃহত মুক্তি পাব ‘জৱান’ ৷ য’ত এক নতুন ৰূপত দেখিবলৈ পোৱা যাব শ্বাহৰুখ খানক ৷