অসম

assam

ETV Bharat / entertainment

Jawan Advance Booking: শ্বাহৰুখ খানৰ জৱানৰ যাদু, এডভান্স বুকিং আৰম্ভ হোৱাৰ লগে লগে বিক্ৰী হ’ল হাজাৰ হাজাৰ টিকট

শ্বাহৰুখ খানৰ ছবি জৱানৰ বাবে অনুৰাগীয়ে অপেক্ষা কৰি আছে । অহা ৭ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া ছবিখনৰ আজি এডভান্স বুকিং আৰম্ভ হৈছে । বিশেষ কথাটো হ’ল ছবিখনৰ বুকিঙৰ আৰম্ভণি অতি উত্তম ফলাফল দেখুৱাইছে ।

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:48 PM IST

Jawan advance booking opens with euphoric response in India; 85000 SRK fans come together to celebrate film's release
জৱান এডভান্স বুকিং

চিটাৰা ডেস্ক, ১ ছেপ্টেম্বৰ : অহা ৭ ছেপ্টেম্বৰত ডাঙৰ পৰ্দাত মুকলি হ’ব শ্বাহৰুখ খান, নয়নতৰা আৰু বিজয় সেতুপথি অভিনীত ছবি জৱান । ছবিখন মুক্তিৰ মাজত আছে মাত্ৰ এসপ্তাহ ৷ এতিয়া মুক্তিৰ এসপ্তাহ পূৰ্বে কিং খানে তেওঁৰ ছবিখনৰ এডভান্স বুকিং মুকলি কৰিছে। বিশেষ কথাটো হ’ল এডভান্স বুকিং খোলাৰ লগে লগে অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ টিকট বিক্ৰী হৈ গ’ল । প্ৰাৰম্ভিক তথ্য অনুসৰি জৱানে এডভান্স বুকিঙৰ ক্ষেত্ৰতো অভিলেখ ভংগ কৰিব পাৰে ।

ফিল্ম ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে টুইটাৰ (এক্স)ত জৱানৰ এডভান্স বুকিঙৰ পৰিসংখ্যা শ্বেয়াৰ কৰিছে। তেওঁৰ টুইট অনুসৰি ৰাষ্ট্ৰীয় শৃংখলত ছবিখনৰ বুকিং ভালদৰে চলি আছে। শুকুৰবাৰে দুপৰীয়া ২.৪৫ বজালৈকে এই পৰিসংখ্যা চৰ্চালৈ আহিছে । এই তথ্য অনুসৰি পিভিআৰ-ইনক্সত ৬৬ হাজাৰ টিকট আৰু চিনেপলিছত ১৩,৫০০ টিকট বিক্ৰী হৈছে । অৰ্থাৎ কেইঘণ্টামানৰ ভিতৰতে ছবিখনৰ ৭৯ হাজাৰ ৫০০ টিকট বিক্ৰী হৈছে ।

ইফালে ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ মতে, ছবিখনে ইতিমধ্যে আগতীয়াকৈ বুকিঙৰ পৰা ৪.২৬ কোটি টকা উপাৰ্জন কৰিছে। ভাৰতত প্ৰি-বুকিং আৰম্ভ হোৱাৰ লগে লগে ছবিখনৰ অভিলেখ ১১৮২৮০ টা টিকট বিক্ৰী হৈছে।

শক্তিশালী আছিল জৱানৰ ট্ৰেইলাৰ

জৱানৰ টিজাৰ আৰু প্ৰিভিউৰ পিচত ছবিখন মুক্তিৰ ঠিক এসপ্তাহ পূৰ্বে শ্বাহৰুখ খানে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰে । ৩১ আগষ্টত মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰত শ্বাহৰুখ খানক শক্তিশালী একচন কৰা দেখা গৈছিল। আৱেগ, চাচপেন্স আৰু একচন সকলো দেখা পোৱা গৈছিল ট্ৰেইলাৰটোত ।

উল্লেখ্য যে পাঠান মুক্তিৰ পাচত জৱান হৈছে বছৰটোত শ্বাহৰুখৰ দ্বিতীয়খন ছবি । এই ছবিখনত তেওঁৰ উৎকৃষ্ট অভিনয়েৰে অনুৰাগীক আপ্লুত কৰিবলৈ সাজু হৈছে শ্বাহৰুখ খান । অহা ৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বৰ চিনেমা হলত মুক্তি পাব ছবিখন । ছবিখনক লৈ অনুৰাগীৰ মাজত দেখা গৈছে উৎসাহ ৷ ছবিখনত শ্বাহৰুখ খানৰ বিপৰীতে দেখা যাব দক্ষিণৰ অভিনেত্ৰী নয়নতৰাক। ছবিখনৰ ট্ৰেইলাৰে অনুৰাগীৰ পৰা ভাল সঁহাৰি লাভ কৰিছে আৰু এতিয়া ছবিখনে এডভান্স বুকিঙৰ ক্ষেত্ৰতো ভাল ফলাফল দেখুৱাইছে । এতিয়া লক্ষণীয় হ’ব ছবিখনৰ মুক্তিৰ পিচতে দৰ্শকৰ পৰা কেনে প্ৰতিক্ৰিয়া লাভ কৰে ৷

লগতে পঢ়ক:Alia Bhatt: ‘ঔৰ পুৰি দুনীয়া কো চাহিয়ে ছিৰ্ফ এছ আৰ কে’, জৱানৰ ট্ৰেইলাৰত আলিয়া ভাটে দিলে আমোদজনক প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details