চিটাৰা ডেস্ক, 10 নৱেম্বৰ: ৰিল লাইফেই হওক বা ৰিয়েল লাইফ, বলীউডৰ ভাইজান ছলমান খান প্ৰকৃততে এজন বেপৰোৱা চৰিত্ৰৰ গৰাকী ৷ কিন্তু তেওঁৰ এই ছবি কেৱল অন্যান্য লোকসকলৰ বাবেহে ৷ যেতিয়াই দবাং খানে নিজৰ দেউতাৰ সৈতে কথা বতৰাত লিপ্ত হয় সেই মুহূৰ্ততে বলীউড তাৰকাগৰাকীৰ চকু দেউতাৰ সন্মুখত তললৈ নামি আহে ৷ অৱশ্যে এয়া আমি কোৱা কথা নহয়, এয়া ছলমান খানৰ চিত্ৰনাট্যকাৰ পিতৃ চেলিম খানৰ তাৰকা বন্ধু জাভেদ আখতাৰে কোৱা কথাহে ।
দৰাচলতে শেহতীয়াকৈ এক অনুষ্ঠানত হিন্দী চিনেমাৰ ঐতিহাসিক ছবি ‘শ্বোলে’ৰ আইকনিক যুটি চেলিম-জাভেদক বহুদিনৰ মূৰত একেলগে দেখা পোৱা গৈছিল । চেলিম আৰু জাভেদে একেলগে শ্বোলে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু গীত প্ৰস্তুত কৰিছিল । বাৰু, যিয়ে নহওক জাভেদ আখতাৰে আচলতে ছলমান খানৰ বিষয়ে কি কৈছিল জানো আহক এই প্ৰতিবেদন ।
তললৈ চাই দেউতাকৰ সৈতে কথা পাতে ছলমানে - জাভেদ আখতাৰ