অসম

assam

ETV Bharat / entertainment

Maa O Maa song out now: যতীন বৰাৰ ছবি ‘ৰাঘৱ’ৰ পৰা মুকলি মা অ মা গীত, চাওক - ৰাঘৱৰ পৰা মুকলি মা অ মা গীত

যতীন বৰাৰ বহু প্ৰত্যাশিত ছবি ৰাঘৱৰ পৰা মুকলি চতুৰ্থটি গীত মুকলি ৷ গীতটিৰ নাম ‘মা অ মা’ ৷ চাওক গীতটি ৷

Jatin Boras film Raghav new song Maa O Maa song ou now
ৰাঘৱ’ৰ নতুন গীত মুকলি

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:55 PM IST

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছিল যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ৰ ৰোমান্টিত গীত ৷ ছবিখনৰ ৰোমান্টিক ট্ৰেক ‘চিলমিল টোপনিতে’ গীতটি দৰ্শকে অতিকৈয়ে পছন্দ কৰিছে ৷ এই গীতটিত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়েৰে ৷ 1 ছেপ্টেম্বৰত Dhwani Records ৰ ইউটিউব চেনেলত মুকলি হোৱা এই গীতটিয়ে বৰ্তমানলৈকে 1 মিলিয়নৰ ওপৰত ভিউজ লাভ কৰিছে ৷

ইফালে আজি এই ছবিখনৰ পৰা চতুৰ্থটি গীত মুকলি কৰিছে নিৰ্মাতাই ৷ গীতটিৰ নাম ‘Maa O Maa’ ৷ অৱশ্যে এইটো এটা আৱেগিক গীত ৷ এই গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু শান্তা উজিৰে ৷ ইয়াৰ সংগীত জুবিন গাৰ্গৰ, গীতৰ কথা দিগন্ত ভাৰতীৰ আৰু সুৰ দিছে জুবিন গাৰ্গে ৷

‘ৰাঘৱ’ ছবিখনৰ বিষয়ে

ৰাঘৱ ছবিখন যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ৷ ৰত্নাকৰৰ সফলতাৰ পিচত ৰাঘৱৰ বাবে সাজু হৈছে JB Production । অহা ২৭ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি দিয়া হ’ব এই ছবিখন । ইয়াৰ পূৰ্বে পল্টন বজাৰস্থিত ASTC ৰ চৌহদত মুকলি কৰা হৈছিল ছবিখনৰ টিজাৰ ।

ASTC ৰ চৌহদত ছবিখনৰ টিজাৰ মুকলি কৰাৰ আঁৰত আছিল এটা কাৰণ ৷ আচলতে এই ছবিখনত এজন গাড়ী চালকৰ চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই । সেয়েহে, গুৱাহাটীৰ আটাইতকৈ অধিক গাড়ী চালকৰ কৰ্মজীৱন আৰম্ভ হোৱা পল্টন বজাৰস্থিত "অসম ৰাজ্যিক পৰিবহণ নিগম" কাৰ্যালয়ৰ সন্মুখতে এই টিজাৰটো মুক্তি দিয়া হৈছিল ।

ছবিখনৰ অভিনেতা-অভিনেত্ৰী

এই ছবিখনত ৰাঘৱৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । ইয়াৰ উপৰিও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । এইখিনিতে উল্লেখ কৰিব লাগিব যে বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটি, কাশ্মীৰ, লাডাখৰ উপৰিও একাধিক লোকেচনত ৰাঘৱৰ দৃশ্যগ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:New Assamese film Raghav: নগাঁৱত ৰাঘৱৰ প্ৰচাৰত যতীন বৰা

ABOUT THE AUTHOR

...view details