অসম

assam

Janhvi Kapoor: জুনীয়াৰ এনটিআৰৰ সৈতে NTR 30 ছবিখনৰ শ্বুটিং আৰম্ভ কৰিলে জাহ্নৱী কাপুৰে

By

Published : Mar 23, 2023, 2:00 PM IST

আজিৰে পৰা আৰম্ভ হৈছে এনটিআৰ ৩০ ছবিখনৰ শ্বুটিং (Janhvi Kapoor) ৷ এই ছবিখনৰ জৰিয়তে টলীউডত আত্মপ্ৰকাশ কৰিব জাহ্নৱী কাপুৰে ৷ আজি শ্বুটিঙৰ চেটৰ পৰা ফটো শ্বেয়াৰ কৰি জাহ্নৱীয়ে ক’লে এই কথা ৷

Janhvi Kapoor begins NTR 30 shooting with jr ntr, says happy day, shares pics
আজিৰে পৰা আৰম্ভ হৈছে এনটিআৰ ৩০ ছবিখনৰ শ্বুটিং

চিটাৰা ডেস্ক, 23 মাৰ্চ: বলীউডৰ পৰা এইবাৰ টলীউডলৈ ঢাপলি মেলিছে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ ৷ টলীউডৰ "এনটিআৰ ৩০" ছবিখনত দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক ৷ ২৩ মাৰ্চৰ পৰা অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে ছবিখনৰ শ্বুটিং (NTR 30 movie) ৷ ছবিখনৰ চেটৰ পৰা নিজৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । লগতে শ্বুটিঙৰ চেটৰ আৰু দুখন ফটো শ্বেয়াৰ কৰি জাহ্নৱীয়ে টলিউডত আত্মপ্ৰকাশ কৰাৰ বাবে সুখ প্ৰকাশ কৰা পৰিলক্ষিত হয় (Janhvi Kapoor begins NTR 30 shooting)।

চেটৰ পৰা ফটো শ্বেয়াৰ কৰাৰ লগত এটা সুন্দৰ কেপচনো লিখিছে জাহ্নৱীয়ে । চাউথ ছুপাৰষ্টাৰ আৰু অস্কাৰ বিজয়ী ছবি আৰ আৰ আৰৰ মুখ্য অভিনেতা জুনিয়ৰ এন টি আৰৰ জৰিয়তে টলিউডত আত্মপ্ৰকাশ কৰিব অভিনেত্ৰীগৰাকী (Janhvi Kapoor upcoming film) । ইফাল একে সময়তে আৰ আৰ আৰৰ পৰিচালক এছ এছ ৰাজামৌলিয়ে এন টি আৰ ৩০ ছবিখনৰ শ্বুটিঙৰ বাবে ২৩ মাৰ্চৰ দিনটো শুভ বুলি আৰম্ভ কৰিছে শ্বুটিঁ ৷ এই ছবিখন পৰিচালনা কৰিব কোৰতালা শিৱই (South superstar JR NTR) ।

টলিউডত আত্মপ্ৰকাশক লৈ সুখী জাহ্নৱী কাপুৰ

জাহ্নৱী কাপুৰৰ প্ৰথমখন দক্ষিণ ছবিৰ শ্বুটিং আৰম্ভ হোৱাৰ সুখবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এই ছবিসমূহত জাহ্নৱী কাপুৰক সেউজীয়া ৰঙৰ দক্ষিণ ৰেচমৰ শাৰীত দেখা পোৱা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি জাহ্নৱী কাপুৰে লিখিছে, ‘হেপি মুড আৰু ছবিখনৰ শ্বুটিং কৰা হৈছে’।

জাহ্নৱী কাপুৰৰ এই পোষ্টটোত অভিনেত্ৰীগৰাকীৰ খুলশালীয়েক শনয়া পাণ্ডেই ৰেড হাৰ্ট ইমোজি শ্বেয়াৰ প্ৰেৰণ কৰে আৰু আনহাতে অভিনেত্ৰীগৰাকীৰ খুৰা-খুৰীয়েক (সঞ্জয়-মহীপ কাপুৰ) য়ে জাহ্নৱীক নতুন আৰম্ভণিৰ বাবে অভিনন্দন জ্ঞাপন কৰে । একে সময়তে জাহ্নৱী কাপুৰৰ অনুৰাগীসকলেও জাহ্নৱীৰ প্ৰথমখন দক্ষিণ ছবিৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ছবিখনৰ বাবে অপেক্ষা কৰি আছে বুলিও মন্তব্য প্ৰকাশ কৰে (Janhvi Kapoor NTR 30 JR NTR) ৷

লগতে পঢ়ক:Parineeti Chopra: আপৰ নেতাৰ সৈতে ডেট কৰি আছে নেকি পৰিণীতি চোপ্ৰাই ?

ABOUT THE AUTHOR

...view details