অসম

assam

ETV Bharat / entertainment

James Gunn: জুনিয়ৰ এন টি আৰৰ অভিনয়ত স্তম্ভিত হৈ পৰিল হলিউডৰ এজন পৰিচালক, ক’লে- মই কাম কৰিব বিচাৰো

গোটেই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰা ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছে ছবিখনৰ পৰিচালক এছ এছ ৰাজামৌলীয়ে (James Gunn is all praises for RRR) । এতিয়া হলিউডৰ এগৰাকী জনপ্ৰিয় পৰিচালকে ছবিখনৰ অভিনেতা জুনিয়ৰ এন টি আৰৰ অভিনয়ত আপ্লুত হৈ তেওঁৰ সৈতে কাম কৰিব বিচাৰিছে ।

By

Published : Apr 26, 2023, 1:14 PM IST

James Gunn is all praises for RRR fame Jr NTR, says 'would love to work with that guy'
জেমছ গানে জুনিয়ৰ এন টি আৰৰ সৈতে এখন ছবি নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে

চিটাৰা ডেস্ক, 26 এপ্ৰিল: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ মেগা ব্লকবাষ্টাৰ আৰু অস্কাৰ বিজয়ী ছবি ‘আৰ আৰ আৰ’ৰ জনপ্ৰিয়তা এতিয়াও সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে ৷ ‘বাহুবলী’ৰ দৰে সফল ছবি নিৰ্মাণ কৰা পৰিচালক এছ এছ ৰাজামৌলিয়ে নিৰ্মাণ কৰিছে এই ছবিখন (James Gunn is all praises for RRR)। ২০২২ চনৰ ২৫ মাৰ্চত মুক্তি লাভ কৰিছিল ছবিখন । এই ছবিখনে বিশ্বব্যাপী ব্যৱসায় কৰিছিল ১১৫০ কোটিতকৈও অধিক টকা ৷ এই ছবিখনৰ জৰিয়তে দক্ষিণৰ দুগৰাকী তাৰকা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰ বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছিল ।

এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰাৰ লগতে ছবিখনৰ ছুপাৰহিট গীত নাটু-নাটুৱে ৯৫ সংখ্যক একাডেমী বঁটাত অস্কাৰ লাভ কৰে । অস্কাৰ লাভ কৰাৰ পিচত ছবিখনৰ সফলতা আকাশলংঘী হয় আৰু আনকি হলিউডৰ প্ৰবীণ পৰিচালকসকলেও ছবিখনৰ পৰিচালক আৰু ইয়াৰ মুখ্য অভিনেতাসকলৰ প্ৰশংসা কৰে । শেহতীয়াকৈ হলিউডৰ প্ৰবীণ পৰিচালক জেমছ গানে জুনিয়ৰ এন টি আৰৰ সৈতে এখন ছবি নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে (James wishes to work with JR NTR) ।

জেমছ গানে জুনিয়ৰ এন টি আৰৰ সৈতে এখন ছবি নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে

এক সাক্ষাৎকাৰত জেমছ গানে কয় যে তেওঁ আৰ আৰ আৰ ছবিখন দেখিছিল আৰু ছবিখনত জুনিয়ৰ এন টি আৰৰ অভিনয় দেখি তেওঁ আপ্লুত হৈ পৰিছিল । আৰ আৰ আৰ ছবিখন চোৱাৰ পিচত জেমছ গানে কয়- আৰ আৰ আৰৰ এই ল’ৰাজন কোন, ইমান ভাল কাম কৰি, তেওঁৰ কাম কি, টাইগাৰৰ সৈতে গুহাৰ পৰা ওলাই অহাটো সঁচাকৈয়ে অতি সুন্দৰ কথা, তেওঁৰ লগত কাম কৰিব বিচাৰিম, বৰ ধুনীয়া আৰু কুল (James would love to work with Jr NTR) ।

জেমছ গানৰ বিষয়ে জানি লওক

জেমছ গান এজন আমেৰিকান চলচ্চিত্ৰ পৰিচালক, যিয়ে ১৯৯৭ চনত ৰোমিঅ’ এণ্ড জুলিয়েট ছবিত সহযোগী পৰিচালক হিচাবে কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ৫৬ বছৰীয়া পৰিচালকগৰাকীয়ে প্ৰথমখন ছবি পৰিচালনা কৰিছিল স্লিথাৰ (২০০৬) ত। ইয়াৰ পিচত চুপাৰ (২০১০) আৰু তাৰ পিচত গাৰ্ডিয়ানছ অৱ দ্য গেলাক্সিৰ তিনিটা অংশ নিৰ্মাণ কৰিছিল । এতিয়া ২০২৫ চনত মুক্তি পাবলগীয়া ছবি ছুপাৰমেন: লেগেচিৰ কাম কৰি আছে পৰিচালকগৰাকী (James Gunn director of Guardians of Galaxy)।

লগতে পঢ়ক:Delhi HC Order On Jawan: ছ’চিয়েল মিডিয়া প্লেটফৰ্মক জৱান ছবিৰ ক্লিপ আঁতৰাবলৈ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে

ABOUT THE AUTHOR

...view details