চিটাৰা ডেস্ক, 10 মে’: বিশ্বজুৰি দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা হলীউড ছবি 'অৱতাৰ-2' মুক্তিৰ বাবে সাজু ৷ চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ৷ সোমবাৰে মুক্তি লাভ কৰে ‘অৱতাৰ:দ্য় ৱে অৱ্ ৱাটাৰ’ৰ টিজাৰ(Avatar 2 trailer) ৷ জেমছ্ কেমেৰুণৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ইংৰাজীৰ লগতে হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি দিয়া হ'ব (Avatar 2 release date) ।
বহু বিলম্বনৰ পাছত অৱশেষত সোমবাৰে বহু প্ৰতীক্ষিত ছবিখনৰ টিজাৰটো মুৃকলি হোৱাৰ লগে লগে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ৷ টুৱেণ্টিথ চেঞ্চুৰী ষ্টুডিঅ'য়ে মুকলি কৰে টিজাৰটো (Avatar 2 teaser ) । সৰ্বাধিক উপাৰ্জন কৰা এই চলচ্চিত্ৰখনৰ পিছৰটো খণ্ডৰ টিজাৰ ইতিমধ্যেই বিশেষভাৱে ছবিগৃহত প্ৰদৰ্শিত কৰা হৈছিল ।
অৱতাৰৰ এই দ্বিতীয় খণ্ড ‘অৱতাৰ: দ্য ৱে অফ ৱাটাৰ'ত জেক, নেইতিৰি আৰু তেওঁলোকৰ সন্তানক লৈ কাহিনীভাগ আগবাঢ়িছে ৷ তেওঁলোকক খেদি ফুৰা সমস্যাবোৰ, সেই সমস্যাবোৰৰ পৰা এজনে আনজনক সুৰক্ষিত কৰিবলৈ কৰা প্ৰচেষ্টাবোৰ, জীয়াই থাকিবলৈ কৰিবলগীয়া হোৱা যুঁজ আৰু এই জীৱন যুঁজৰ সংগ্ৰামত তেওঁলোকে সহ্য কৰিবলগীয়া হোৱা ঘটনাবোৰৰ কাহিনী বৰ্ণনা কৰা হৈছে ।