অসম

assam

ETV Bharat / entertainment

Jailer On OTT: OTT মুক্তিৰ ঘোষণা জেইলাৰ, কেতিয়া আৰু কোনটো OTT প্লেটফৰ্মত চাব পাৰিব জানি লওক

দক্ষিণ চিনেমাৰ প্ৰবীণ অভিনেতা ৰজনীকান্তে শেহতীয়াকৈ জেইলাৰ ছবিৰ জৰিয়তে ডাঙৰ পৰ্দাত পুনৰ আগমন কৰিছে । বক্স অফিচত ছবিখনে অভিলেখ গঢ়িছে ৷ এতিয়া জেইলাৰৰ OTT মুক্তিৰ কথা ঘোষণা কৰা হৈছে নিৰ্মাতাই । জানি লওক কেতিয়া আৰু কোনটো OTT প্লেটফৰ্মত এই চিনেমাখন চাব পাৰিব ।

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:18 PM IST

Jailer OTT Release: Watch Rajinikanths Film On This Date
জেইলাৰৰ OTT মুক্তিৰ কথা ঘোষণা

চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ:দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক পুনৰ পৰিচয় কৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই ৷ কেইবা দশক ধৰি নিজৰ এক সুকীয়া শৈলীৰে টলীউডৰ পৰা বলীউডলৈকে নিজৰ নাম বনাবলৈ সক্ষম হৈছে ছুপাৰষ্টাৰগৰাকীয়ে ৷ সেয়েহে, ৰজনীকান্তৰ ছবিৰ কাৰণে অপেক্ষা কৰি থাকে অনুৰাগী ৷ আনকি দক্ষিণৰ বহু ঠাইত তেওঁৰ ভগৱানৰ দৰে পূজাও কৰে অনুৰাগীয়ে ৷ এতিয়া মুকলি হৈছে অভিনেতাগৰাকীৰ ছবি ‘জেইলাৰ’ ৷

‘জেইলাৰ’ মুক্তিৰ পিচতে অভিলেখ গঢ়িছে বক্স অফিচত ৷ সমগ্ৰ বিশ্বতে ছবিখনে আলোড়নৰ সৃষ্টি কৰিছে । ১০ আগষ্টত মুক্তি পোৱা জেইলাৰৰ ধাৰাষাৰ উপাৰ্জন এতিয়াও অব্যাহত আছে । এই ছবিখনে সকলো অভিলেখ ভংগ কৰি বিশ্বজুৰি প্ৰায় ৬৩৭ কোটি টকা উপাৰ্জন কৰিছে। ইফালে ছবিখনৰ নায়ক ৰজনীকান্তৰ মাচুল সন্দৰ্ভত এটা ডাঙৰ কথা প্ৰকাশ হৈছে ৷ যিটো শুনিলে হতবাক হ’ব আপুনি । খবৰ অনুসৰি এই ছবিখনৰ বাবে ছুপাৰষ্টাৰগৰাকীয়ে লৈছে ২০০ কোটিৰ পাৰশ্ৰমিক ৷

ইফালে, এতিয়ালৈকে যিসকলে ছবিখন চোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ ৷ কাৰণ এতিয়া এই ছবিখনৰ বাবে আপুনি যাব নালাগে ছবিগৃহত ৷ ঘৰতে বহি উপভোগ কৰিব পাৰিব ‘জেইলাৰ’ ৷ হয়, নিৰ্মাতাসকলে ছবিখন অ’টিটিত মুক্তিৰ কথা ঘোষণা কৰিছে । এনে পৰিস্থিতিত কেতিয়া আৰু কোনটো OTT প্লেটফৰ্মত আপুনি ঘৰতে বহি ৰজনীকান্তৰ এই ছবিখন চাব পাৰিব জানি লওক সবিশেষ ।

অ’টিটিত কেতিয়া আৰু ক’ত মুক্তি পাব ‘জেইলাৰ’ ?

ছবিগৃহত অনুৰাগীক মনোৰঞ্জন দিয়া ‘জেইলাৰ’ এতিয়া অ’টিটিত মুক্তি পাবলৈ সাজু হৈছে । শনিবাৰে নিৰ্মাতাসকলে ‘জেইলাৰ’ৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে । অ’টিটি প্লেটফৰ্ম আমাজন প্ৰাইম ভিডিঅ’ই ‘জেলাৰ’ৰ অ’টিটি মুক্তিৰ কথা প্ৰকাশ কৰিছে ৷ প্ৰাইম ভিডিঅ’ই ছবিখনৰ পোষ্টাৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি এই বিষয়ে তথ্য দিছে । আগন্তুক ৭ ছেপ্টেম্বৰত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব ৰজনীকান্তৰ ‘জেইলাৰ’।

অনুৰাগীয়ে ঘৰতে বহি হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত ছবিখন উপভোগ কৰিব পাৰিব । জেইলাৰ বহুদিনৰ মূৰত ৰজনীকান্তৰ প্ৰথমখন হিট ছবি হিচাপে পৰিগণিত হৈছে।

লগতে পঢ়ক:Jawan advance booking: বিশ্বব্যাপী ১০০ কোটি টকাৰ অ’পেনাৰ কৰা প্ৰথম ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হ’ল এছ আৰ কে

ABOUT THE AUTHOR

...view details