চিটাৰা ডেস্ক, 8 আগষ্ট: চাউথৰ মেগাষ্টাৰ ৰজনীকান্তৰ ছবি জেইলাৰ অতি সোনকালেই মুক্তি পাব । দক্ষিণত ৰজনীকান্তৰ ফেন ফ’ল’ৱাৰৰ বিষয়ে সকলোৱে জানে । দক্ষিণৰ মানুহ কেৱল তেওঁৰ অনুৰাগীয়েই নহয়, দক্ষিণৰ মানুহে আনকি তেওঁক পূজাও কৰে । এনে পৰিস্থিতিত যেতিয়াই ৰজনীকান্তৰ নতুন ছবি মুক্তি লাভ কৰে, সেই সময়ছোৱাত দক্ষিণত এক সুকীয়া উৎসাহৰ সৃষ্টি হয় । জেইলাৰ ছবিখনৰ কথা ক’বলৈ গ’লে ছবিখনৰ মুক্তিৰ উপলক্ষে অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে । আপুনি শুনি আচৰিত হ’ব যে চেন্নাই, বেংগালুৰু আদি ঠাইত ছবিখনৰ বাবে অফিচসমূহ সেইদিনা বন্ধ দিয়া হৈছে ৷ আনহাতে, ৰজনীকান্তৰ কথা ক’বলৈ গ’লে তেওঁ এই বিশেষ ক্ষণত হিমালয়লৈ গৈছে । তেওঁৰ ছবি মুক্তিৰ পূৰ্বে তেওঁ প্ৰত্যেকবাৰ মন্দিৰ দৰ্শনৰ বাবে যায় ।
২০২২ চনত ৰজনীকান্তৰ কোনো ছবি মুক্তি পোৱা নাছিল। এনে পৰিস্থিতিত এবছৰৰ ব্যৱধানৰ পিচত আহিবলৈ গৈ আছে ছুপাৰষ্টাৰগৰাকী এই ডাঙৰ ছবিখন । ছবিখনৰ এডভান্স বুকিং চলি আছে। চেন্নাই আৰু বাংগালুৰুত এই ক্ৰেজ ইমানেই বেছি যে ছবিখন মুক্তিৰ দিনটোত কোম্পানীসমূহে কেৱল নিজৰ কাৰ্যালয় বন্ধ কৰাই নহয়, নিজৰ কৰ্মচাৰীসকলকো বিনামূলীয়াকৈ ছবিখন দেখুৱাৰ কথা ঘোষণা কৰিছে ৷ অৰ্থাৎ দক্ষিণৰ অভিনেতাজনৰ উন্মাদনা এনেকুৱা যে তেওঁৰ যিকোনো ছবি মুক্তি পালে অনুৰাগীয়ে নিজৰ কাম এৰি প্ৰথমে ছুপাৰষ্টাৰগৰাকীৰ ছবি উপভোগ কৰে ৷
এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰজনীকান্তে নিজৰ ছবি মুক্তিৰ পূৰ্বে প্ৰায়ে হিমালয় পৰ্বতলৈ যায় । সেই স্থানত শান্তিৰে কিছু মুহূৰ্ত কটায় । এয়া হয় ৰজনীকান্তৰ আধ্যাত্মিক ভ্ৰমণ । পূৰ্বে ৰজনীকান্তে প্ৰতি বছৰে এই ভ্ৰমণলৈ গৈছিল । কিন্তু কৰ’না কালৰ বাবে তেওঁ যাব নোৱাৰিলে । কিন্তু এইবছৰ ৰজনীকান্ত পুনৰ হিমালয়লৈ গৈছে আৰু তেওঁৰ ভ্ৰমণে প্ৰত্যেকবাৰ বাতৰিৰ শিৰোনাম দখল কৰে।