চিটাৰা ডেস্ক, 1 ডিচেম্বৰ :বৰ্তমান সমগ্ৰ বিশ্বৰ মানুহে মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত অনুষ্ঠিত হৈ থকা 22 সংখ্যক ফিফা বিশ্বকাপ 2022 উপভোগ কৰি আছে । ভাৰতৰ দৃষ্টিকোণৰ পৰা এই বিশ্বকাপ বিশেষ কাৰণ বলীউডৰ বিখ্যাত নৃত্যশিল্পী তথা অভিনেত্ৰী নোৰা ফাতেহীক ইয়ালৈ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে (Nora Fatehi fifa) । দৰাচলতে ফিফা বিশ্বকাপ 2022ৰ গীত ‘লাইট দ্য স্কাই’ত ফিফা ফেনফেষ্টত কণ্ঠদান কৰিবলৈ নিৰ্বাচিত হৈছে নোৰা ফাতেহীক । শেহতীয়াকৈ নোৰাই ফিফা ৱৰ্ল্ড ফেন ফেষ্টিভেলত নিজৰ নৃত্যৰে সকলোকে উন্মাদ কৰি তোলে ৷ ফিফাৰ মঞ্চত পতাকা উত্তোলন কৰি ভাৰতীয়সকলক গৌৰৱান্বিত কৰি তোলে তাৰকাগৰাকীয়ে ৷ নেটিজেনে নোৰাৰ এই কাৰ্য খুব ভাল পাইছে ৷ সমগ্ৰ দেশতে তেওঁক প্ৰশংসা কৰা হৈছে ।
ফিফা ৱৰ্ল্ড ফেন ফেষ্টিভেলত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে মৰক্কো-কানাডিয়ান মডেল আৰু বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে । ইয়াত নোৰাই ফুটবল খেল প্ৰেমীসকলক তীব্ৰ মনোৰঞ্জন দিয়ে ৷ মঞ্চত থকাৰ সময়চোৱাত নোৰাই দেশৰ গৌৰৱ ত্ৰিৰংগা পতাকা হাতত লৈ কাটাৰত উৰুৱাই জয় হিন্দ বুলি উল্লাসেৰে চিঞৰি উঠে । তাত উপস্থিত থকা সকলো দৰ্শকে নোৰাৰ সমান্তৰালকৈ জয় হিন্দ ধ্বনি দিবলৈ আৰম্ভ কৰে । এতিয়া এই ভিডিঅ'টো সামাজিক মাধ্যমত বহুত ভাইৰেল হৈ পৰিছে ।
নোৰা ফাতেহীক প্ৰশংসা কৰা হৈছে