চিটাৰা ডেস্ক, 17 ছেপ্টেম্বৰ :ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ 200 কোটি টকাৰ গোচৰ সন্দৰ্ভত বাৰে বাৰে আৰক্ষীৰ আগত হাজিৰ হ’ব লগীয়া অভিনেত্ৰী জেকলিনে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য (Jacqueline Fernandez news) ৷ জেকলিনে প্ৰকাশ কৰিছে যে সুকেশ তেওঁৰ সপোনৰ ৰাজকুমাৰ আছিল আৰু তেওঁ সুকেশৰ সৈতে বিয়াৰ সপোন দেখিছিল (Jacqueline and Sukesh) ৷
ইডিৰ চাৰ্জশ্বীটত প্ৰকাশ পাইছে যে সুকেশে জেকলিনক কোটি কোটি টকাৰ মূল্যৱান উপহাৰ দিছিল ৷ বহু দামী গহণাৰ লগতে সুকেশ-জেকলিনৰ ব্যক্তিগত বহু কথাও ফাদিল হৈছে ইডিৰ তদন্তত ।
শেহতীয়াকৈ যেতিয়া জেকলিনক পুনৰ এই ধন দাবী গোচৰ সন্দৰ্ভত জেৰা কৰা হৈছিল তাৰ পৰা প্ৰকাশ পাইছে এক আচৰিত তথ্য ৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঠগবাজ সুকেশৰ মোহত পৰিছিল জেকলিন আৰু জেকলিনে তেওঁক সপোনৰ ৰাজকুমাৰ বুলি অভিহিত কৰিছিল । কেৱল এয়াই নহয়, প্ৰতিবেদনত এইটোও কোৱা হৈছে যে জেকলিনে সুকেশৰ সৈতে বিয়াত বহাৰো সপোন দেখিছিল ।
সমান্তৰালকৈ EOW (Economic Offences Wing of Delhi Police) য়ে কয় যে এই বিষয়টোৰ ক্ষেত্ৰত জেকলিনে আগলৈ বহু অসুবিধাৰ সন্মুখীন হ’ব লাগিব । আঁৰত কাৰণ এটাই, সুকেশৰ অপৰাধজনিত কামবোৰ জনাৰ পিছতো তেওঁ সুকেশৰ লগত বহুদিন ধৰি যোগাযোগ ৰাখিছিল আৰু অসৎ উপায়েৰে জমা কৰা টকাৰে বিলাসী জীৱন কটাইছিল ।
EOW য়ে লগতে কৈছে যে নোৰাই নিজৰ বিবৃতিত এই কথা উল্লেখ কৰিছে যে যেতিয়া তেওঁ সুকেশৰ কু-কৰ্মৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ নিজকে তেওঁৰ পৰা আঁতৰাই ৰাখিছিল । শেহতীয়াকৈ দিল্লীৰ অৰ্থনৈতিক অপৰাধ শাখাই নোৰা ফাতেহীকো এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল ।
নোৰাক Economic Offences Wing য়ে পাঁচ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰিছিল । ইয়াৰ বাহিৰেও শেহতীয়াকৈ এই ক্ষেত্ৰত সুকেশে বিগ বছ ফেম নিক্কী টাম্বোলি, বড়ে আচ্ছে লগাতে হায় ফেম চ্চাহত খান্না, চফিয়া সিং আৰু আৰুষা পাটিলৰ নাম উল্লেখ কৰিছে । আটাইকে সুকেশৰ লগত পিংকি ইৰাণীয়ে সাক্ষাৎ কৰাই দিছিল ।
লগতে পঢ়ক :Sukesh Chandrashekhar case: জেকলিন নোৰাৰ পিছত নাম ওলাইছে আন তিনি অভিনেত্ৰীৰ