চিটাৰা ডেস্ক, 24 নৱেম্বৰ : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে বলীউডৰ প্ৰবীণ ছবি নিৰ্মাতা ৰাজকুমাৰ কোহলীয়ে ৷ শুকুৰবাৰে ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ নিৰ্মাতাগৰাকীয়ে । জানিব পৰা মতে আজি পুৱা তেওঁ বাথৰুমৰ পৰা বহু সময় ওলাই অহা নাছিল, ইয়াৰ পিচতে ঘৰৰ মানুহৰ সন্দেহ ওপজাত বাথৰুমৰ দুৱাৰ ভাঙি তেওঁক বাহিৰলৈ উলিয়াই আনে । কিন্তু বাথৰুমতেই হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৰাজকুমাৰ কোহলীৰ ।
পৰিয়ালৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱা প্ৰায় ৮ বজাত ৰাজকুমাৰ কোহলীয়ে গা ধুবলৈ বাথৰুমলৈ গৈছিল । কিন্তু তেওঁ বহু সময় ওলাই অহা নাছিল বাথৰুমৰ পৰা । ইয়াৰ পিচতে পুত্ৰ অৰমান কোহলীয়ে বাথৰুমৰ দুৱাৰ ভাঙি পিতৃক উলিয়াই আনে ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
আজি সন্ধিয়া অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব ৰাজকুমাৰ কোহলীৰ
এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ জুহু অঞ্চলত স্থিত এটা বাংলোত । পৰিয়ালৰ সূত্ৰটোৱে কয় যে ৰাজকুমাৰ কোহলীৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছে । আজি সন্ধিয়া ৰাজকুমাৰ কোহলীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব ।