অসম

assam

Jaane Jaan Song: মুক্তি লাভ কৰিলে জানে জানৰ টাইটেল ট্ৰেক, লতা মংগেশকাৰৰ গীতটি এইবাৰ নেহা কক্কৰৰ কণ্ঠত মুকলি

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:14 PM IST

কৰীনা কাপুৰ খানৰ অভিনীত ছবি জানে জানৰ টাইটেল ট্ৰেক মুকলি ।

Jaane Jaan Title Track Out Kareena Kapoors Version Of Classic Song Comes With A Soothing Twist
জানে জানৰ টাইটেল ট্ৰেক মুক্তি

চিটাৰা ডেস্ক, 11 ছেপ্টেম্বৰ: কৰীনা কাপুৰ খান আৰু বিজয় ভাৰ্মাৰ অভিনীত ছবি ‘Jaane Jaan’ বৰ্তমান ছ’চিয়েল মিডিয়াত অতিকৈ চৰ্চিত। ছবিখনৰ ট্ৰেইলাৰটো আছিল সুন্দৰ । আজি মুক্তি লাভ কৰিলে ছবিখনৰ টাইটেল ট্ৰেক, যাৰ সংগীতৰ সৈতে চিৰসেউজ কণ্ঠশিল্পী লতা মংগেশকাৰৰ বিশেষ সম্পৰ্ক আছে ।

সুজয় ঘোষৰ আগন্তুক ক্ৰাইম থ্ৰিলাৰ ‘জানে জান’ ঘোষণাৰ পিছৰে পৰাই চৰ্চা লাভ কৰিছে ৷ প্ৰথমে টিজাৰ, পোষ্টাৰ আৰু তাৰ পিচত ট্ৰেইলাৰে দৰ্শকৰ মাজত এক প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছিল । এতিয়া ছবিখনৰ প্ৰথমটো গীত অৰ্থাৎ টাইটেল ট্ৰেকটো মুক্তি পাইছে।

জানে জান টাইটেল ট্ৰেক মুক্তি

আজি অৰ্থাৎ ১১ ছেপ্টেম্বৰত নিৰ্মাতাই মুকলি কৰিছে ‘জানে জান’ৰ টাইটেল ট্ৰেক ৷ মুক্তিৰ লগে লগেই অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছে গীতটি । গীতটোত চিনেমাখনৰ মুখ্য নায়িকা কৰীনা কাপুৰ খানক ডান্স বাৰত গান গাই থকা দেখা গৈছে । লগতে অভিনেত্ৰী উদিতি সিঙে বেকগ্ৰাউণ্ডত প’ল ডান্স কৰা দেখা গৈছে ।

এই গীতটোত বিজয় ভাৰ্মা আৰু কৰীনা কাপুৰৰ মাজত ভাল কেমিষ্ট্ৰী, জয়দীপ আহলাৱতৰ সৈতে যুঁজ আৰু আন বহুতো আকৰ্ষণীয় দৃশ্য আছে ৷ যিয়ে টাইটেল ট্ৰেকটো আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

লতা মংগেশকাৰৰ গীতটি পুনৰ সৃষ্টি কৰিলে নেহা কক্কাৰে

লক্ষ্মীকান্ত-প্যাৰেলালৰ সুৰ আৰু ৰাজেন্দ্ৰ কৃষ্ণই ৰচনা কৰা ১৯৬৯ চনৰ ‘ইন্তেকাম’ ছবিৰ মূল সংস্কৰণ ‘জানে জান’ । এই গীতটিত কণ্ঠ নিগৰাইছিল লতা মংগেশকাৰে । এতিয়া বহু বছৰ পিচত নেহা কক্কৰে নিজৰ ষ্টাইলত এই গীতটি গাইছে। আনহাতে ইয়াক পুনৰ সৃষ্টি কৰিছে শচীন-জীগৰে ।

কেতিয়া মুক্তি পাব জানে জান ?

২১ ছেপ্টেম্বৰত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব মাৰ্ডাৰ মিষ্ট্ৰী ‘জানে জান’। এই ছবিখনৰ জৰিয়তে কৰীনাই অ’টিটিত আত্মপ্ৰকাশ কৰিব। ছবিখনত তেওঁক এগৰাকী অকলশৰীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব, যিগৰাকী হ’ব হত্যাৰ সন্দেহযুক্ত অভিযুক্ত । ছবিখনত কৰীনাৰ সৈতে দেখা যাব বিজয় ভাৰ্মা আৰু জয়দীপ আহলাৱতক।

লগতে পঢ়ক:Jaane Jaan Trailer out: হত্যাৰ ৰহস্য আৰু এটা গোপন কথা, মুকলি হ’ল কৰীনা কাপুৰৰ ছবি জানে জানৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details