চিটাৰা ডেস্ক, 31 অক্টোবৰ :এক দীঘলীয়া সময় বিদেশত থকাৰ পিছত আপোন দেশলৈ উভতি অহাৰ সমান ভাল অনুভৱ আন একোৱেই হ’ব নোৱাৰে । অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এতিয়া আটাইতকৈ সুখী কিয়নো তেওঁ প্ৰায় তিনি বছৰৰ পিছত ভাৰতলৈ উভতি আহিছে । ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰিয়ংকাই তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰ-মুম্বাই বিমানৰ বৰ্ডিং পাছৰ এখন ফটো শ্বেয়াৰ কৰিছে (Priyanka Chopra instagram) । "অৱশেষত... প্ৰায় 3 বছৰৰ পিছত ঘৰলৈ", ফটোখনৰ সৈতে শিৰোনাম দিছিল এইদৰে ।
প্ৰিয়ংকা বহু বছৰ ধৰি আমেৰিকাত বাস কৰি আছে । পঢ়িবলৈ বুলি 12 বছৰ বয়সতে আমেৰিকালৈ ৰাওনা হৈছিল তেওঁ । বহু বছৰৰ পিছত ভাৰতলৈ উভতি আহি বলীউডত নিজৰ কেৰিয়াৰ গঢ়ি তোলে । ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত সফল কাৰ্যকালৰ পিছত প্ৰিয়ংকাই 2015 চনত হলীউডত প্ৰৱেশ ঘটাই আৰু কোৱাণ্টিকোত মুখ্য চৰিত্ৰৰ সৈতে এতিয়ালৈকে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে আৰু তেতিয়াৰ পৰাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোৰঞ্জন জগত দুখনৰ সৈতে ব্যস্ত হৈ আছে ।
কেৱল পেছাগতভাৱেই নহয় প্ৰিয়ংকাৰ ব্যক্তিগত পৰ্যায়তো আমেৰিকাৰ সৈতে বিশেষ সম্পৰ্ক আছে । তেওঁৰ স্বামী নিক জোনাছ, যি হলীউডৰ জনপ্ৰিয় গায়ক আমেৰিকাৰ বাসিন্দা । তেওঁৰ কন্যা মালতী মেৰীৰ জন্মও তাতেই হৈছিল ।