অসম

assam

By

Published : Dec 2, 2022, 3:33 PM IST

ETV Bharat / entertainment

Cirkus trailer: ৰণবীৰ সিঙৰ দ্বৈত চৰিত্ৰৰে দুগুণ হাঁহিৰ খোৰাক লৈ আহি আছে চাৰ্কাছ

মুক্তি পালে বহু চৰ্চিত ছবি ‘চাৰ্কাছ’ৰ ট্ৰেইলাৰ ৷ সকলোৰে দক্ষতাপূৰ্ণ অভিনয়ৰে ৰোহিত শেট্টীৰ চাৰ্কাছে চলচ্চিত্ৰ প্ৰেমী দৰ্শকক হঁহুৱাব বুলি আশা কৰিব পাৰি ৷

Cirkus
ৰণবীৰ সিঙৰ দ্বৈত চৰিত্ৰ

চিটাৰা ডেস্ক, 2 ডিচেম্বৰ :বহু প্ৰতীক্ষিত ছবি চাৰ্কাছৰ ট্ৰেইলাৰ মুকলি কৰা হয় 2 ডিচেম্বৰত ৷ শীৰ্ষ মানৰ অভিনয় দক্ষতাৰ সৈতে মুক্তি পোৱা ৰোহিত শেট্টীৰ আগন্তুক ছবি ‘চাৰ্কাছ’ৰ ট্ৰেইলাৰ টোৱে সম্পূৰ্ণ হাঁহিৰ খোৰাক যোগাব বুলি ক’ব পাৰি ৷ শুকুৰবাৰে ছবিখনৰ নিৰ্মাতাসকলে ট্ৰেইলাৰটো মুকলি কৰে, য’ত ‘চাৰ্কাছ’ৰ জৰিয়তে পুৰণি জগতলৈ উভতি যোৱাৰ লগতে হুবহু চেহেৰাৰ বাবে দোমোজাত পৰা সাধাৰণ মানুহৰ কাহিনীয়ে দৰ্শকক আমোদ দিছে ৷

তিনি মিনিটতকৈ অধিক দীঘল ট্ৰেইলাৰটোৰ আৰম্ভণি হৈছে ইলেক্ট্ৰিক মানুহ হিচাপে পৰিচিত তথা চাৰ্কাছত কাম কৰা ৰণবীৰ সিঙৰ পৰা । তেওঁ আৰু বৰুণ শৰ্মাই তেওঁলোকৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা অন্য লোকৰ বাবে সৃষ্টি হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰা দেখা গৈছে ট্ৰেইলাৰটোত । 'চাৰ্কাছ' জগতখনৰ পৰিৱেশ ষাঠিৰ দশকৰ । ট্ৰেইলাৰটোৰ শেষৰ পিনে দীপিকাৰ এণ্ট্ৰিয়ে আমোদ দিছে দৰ্শকক ৷

চলচ্চিত্ৰখনৰ কাহিনী অনুসৰি, ছবিখনত ৰণবীৰ সিঙে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে । অভিনেত্ৰী পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজ ৰণবীৰৰ বিপৰীতে দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে । ইয়াৰ আগতে, ৰোহিতে ছবিখনৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰিছিল আৰু চাৰ্কাছৰ গোটেই পৰিয়ালটোক পৰিচয় কৰাই দিছিল । ছবিখন 23 ডিচেম্বৰত খ্ৰীষ্টমাছ উপলক্ষে মুক্তি পাব (Cirkus release date) ৷

লগতে পঢ়ক :বিকী কৌশল অভিনীত ছেম বাহাদুৰৰ মুক্তিৰ তাৰিখ ঘোষণা

ABOUT THE AUTHOR

...view details