চিটাৰা ডেস্ক, 29 নৱেম্বৰ : বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ বিখ্যাত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ পুনৰ লাইমলাইটলৈ আহিছে । গোৱাত অনুষ্ঠিত হোৱা 53 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ মুৰব্বী নাদাভ লাপিডে ছবিখনক ‘অশ্লীল অপপ্ৰচাৰ’ বুলি অভিহিত কৰিছে ৷ তাৰ পিছতেই পুনৰ বাতৰিৰ শিৰোনামালৈ আহে ছবিখন ৷ মুক্তিৰ সময়তে ছবিখনে দুটা ভাগত বিভক্ত কৰিছিল দেশ ৷ এতিয়া ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত Naor Gilon এ তেওঁৰ বক্তব্যৰ বাবে জুৰীৰ মুৰব্বীক তীব্ৰ সমালোচনা কৰিছে । ৰাষ্ট্ৰদূতগৰাকীয়ে নাদাভৰ এই বক্তব্যক ব্যক্তিগত বুলি অভিহিত কৰিছে । নাদাভ লাপিডৰ এই বক্তব্যত তেওঁ লাজ অনুভৱ কৰিছে বুলি জানিবলৈ দিছে ।
আপোনালোকক জনাওঁ যে গোৱাত অনুষ্ঠিত 53 সংখ্যক চলচ্চিত্ৰ মহোৎসৱৰ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত আই এফ এফ আইৰ জুৰী মুৰব্বীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ক ‘অশ্লীল অপপ্ৰচাৰমূলক’ এখন ছবি বুলি অভিহিত কৰে । তেওঁ কয়, ‘এনে কলাত্মক চলচ্চিত্ৰ মহোৎসৱত এনে এখন ছবি দেখি মই আচৰিত হৈছো’ । IFFI ৰ জুৰীৰ বক্তব্যক লৈ চলচ্চিত্ৰ তাৰকা অনুপম খেৰেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ টুইট কৰি জুৰীৰ মুৰব্বী ইজৰাইলৰ ছবি নিৰ্মাতা লাপিডক লক্ষ্য কৰি লৈছে । সমান্তৰালকৈ চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতেও ইয়াক কাশ্মীৰীৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে ।