চিটাৰা ডেস্ক, 20 এপ্ৰিল: ‘দৃশ্যাম’ ছবিত বলীউডৰ তাৰকা অজয় দেৱগনৰ ডাঙৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ইশিতা দত্ত কিছুদিন পূৰ্বে অন্তঃসত্বা হোৱাৰ খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ৷ তেতিয়াৰে পৰা স্বামী বটছল ছেঠৰ সৈতে গৰ্ভাৱস্থাৰ সময় উপভোগ কৰি আছে অভিনেত্ৰীগৰাকী (Ishita Dutta)।
কিছুদিনৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে পেপছৰ সন্মুখত অন্তঃসত্বা হোৱাৰ কথা উন্মোচন কৰিছিল । তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে ভাল খবৰৰ বাবে অপেক্ষা কৰি আছে । এই খবৰৰ মাজতেই এতিয়া ইশিতাই অনুৰাগীৰ মাজত আন এক ডাঙৰ ঘোষণা কৰিছে (Ishita dutta and Vatsal sheth) ৷
আচলতে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত দেখা পোৱা যায় যে যমজ সন্তানৰ মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰীগৰাকী । যোৱা কিছুদিনৰ পৰা স্বামী তথা অভিনেতা বটছল ছেঠৰ সৈতে নিজৰ প্ৰসূতিৰ ফটোশ্বুট শ্বেয়াৰ কৰিছে ইশিতাই ।
ইশিতাই তেওঁৰ ইনষ্টা ষ্টৰীত কিছুমান পোষ্ট শ্বেয়াৰ কৰিছে, ইয়াৰে এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই পোষ্টটোত ইশিতাই ক’লা ৰঙৰ সাজ-পোছাক পৰিধান কৰি ব্যায়াম কৰা দেখা গৈছে । এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে কেপচন দিছে, ‘দুগৰাকীৰ বাবে ৱৰ্কআউট ৷ ইযাৰ লগতে দুটা ৰঙা হৃদয়ৰ ইমোজিৰ এটা কেঁচুৱাৰ ইমোজি ফেচ প্ৰয়োগ কৰিছে (Ishita Dutta is pregnant)।
ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত এক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে যে, অভিনেত্ৰীগৰাকীয়ে যমজ সন্তানৰ আশা কৰি আছে । এই খবৰ ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত দ্ৰুতগতিত বিয়পি পৰিছে আৰু ইতিমধ্যে তেওঁলোকে যমজ সন্তানৰ বাবে অভিনন্দন জনাইছে অভিনেত্ৰীগৰাকীক (Pregnant Ishita Dutta)।
উল্লেখ্য যে, ২০১৭ চনতটাৰজান দ্য ৱনডাৰ কাৰৰ অভিনেতা বটছল ছেঠৰ বিবাহপাশত আৱদ্ধ হৈছিল ইশিতা দত্ত ৷ বিয়াৰ ছবছৰৰ পিচত পিতৃ-মাতৃ হ’বলৈ গৈ আছে এই দম্পতী । এনে পৰিস্থিতিত ইশিতা আৰু বটছলে প্ৰথম সন্তানক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ সেই মুহূৰ্তটো উপভোগ কৰি আছে ।
লগতে পঢ়ক:Parineeti Chopra: ৰাঘৱৰ সৈতে বিয়াৰ খবৰৰ মাজতে অনামিকা আঙুলিত ৰূপৰ আঙঠি পিন্ধিলে পৰিণীতি চোপ্ৰাই