অসম

assam

ETV Bharat / entertainment

Ishaan Khatters Pippa: অ’টিটিত মুক্তি নাপায় ৰণি স্ক্ৰুৱালাৰ ছবি পিপ্পাই - পিপ্পা

ঈশান খাট্টাৰৰ অভিনীত ছবি ‘পিপ্পা’ক লৈ চলি থকা উৰাবাতৰি সন্দৰ্ভত মন্তব্য় প্ৰকাশ কৰিলে নিৰ্মাতাসকলে ৷ ছবিখন ছবিগৃহৰ পৰিৱৰ্তে অ’টিটি প্লেটফৰ্মত মুক্তি পাব বুলি এক বাতৰি চলি আছিল (Ishaan Khatters Pippa) ৷ সম্প্ৰতি সেই বাতৰি নসাৎ কৰিছে ছবিখনৰ নিৰ্মাতাসকলে ৷

Ishaan Khatters Pippa is not releasing on OTT makers confirm
ছবি ‘পিপ্পা’ক লৈ চলি থকা উৰাবাতৰি সন্দৰ্ভত মন্তব্য় প্ৰকাশ কৰিলে নিৰ্মাতাসকলে

By

Published : Mar 17, 2023, 10:46 PM IST

চিটাৰা জেস্ক, ১৭ মাৰ্চ : ঈশান খাট্টাৰৰ অভিনীত ছবি ‘পিপ্পা’ক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ (Pippa controversy) ৷ ছবিখন ছবিগৃহৰ পৰিৱৰ্তে অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব বুলি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল ৷ ইয়াৰ পিচতে ‘পিপ্পা’ ছবিখনৰ নিৰ্মাতাসকলে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত মেকাৰ ৰণি স্ক্ৰুৱালাৰ, সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু কমল গিয়ানচন্দনীয়ে স্পষ্ট কৰি দিয়ে যে, “Pipped for an OTT release” শীৰ্ষক এই প্ৰবন্ধ প্ৰকাশ কৰাৰ পূৰ্বে আমাৰ সৈতে কোনো নিউজ পৰ্টেলে যোগাযোগ কৰা নাছিল ।"

অতি সোনকালে আনুষ্ঠানিক মুক্তিৰ তাৰিখ ঘোষণা কৰা হ’ব ছবিখনৰ

এটা বাতৰি কাকতত “Pipped for an OTT release” শিৰোনামেৰে প্ৰকাশ পাইছিল এটা প্ৰবন্ধ ৷ এই প্ৰবন্ধটোত কোৱা হৈছিল পিপ্পাৰ ছবিখনৰ প্ৰযোজক আৰু মাল্টিপ্লেক্স অপাৰেটৰৰ মাজত কিছু সমস্যাৰ সৃষ্টি হৈছে ৷" কিন্তু এই লেখাটো প্ৰকাশৰ পূৰ্বে প্ৰযোজক বা কোনো মাল্টিপ্লেক্স অপাৰেটৰকো মন্তব্যৰ বাবে কোনোধৰণৰ যোগাযোগ কৰা হোৱা নাছিল (Ishaan Khatters Pippa) ।

বিবৃতিত মেকাৰসকলে কয়, "আৰ এছ ভি পি আৰু ৰয় কাপুৰ ফিল্মছৰ মাল্টিপ্লেক্স অপাৰেটৰৰ সৈতে কোনো সমস্যা নাই । পৰামৰ্শ দিয়া যিকোনো উৰাবাতৰি বা লেখা ভিত্তিহীন । আমি সকলোৱে একেলগে কাম কৰি সমগ্ৰ ভাৰতৰ ছবি হলত দৰ্শকৰ মাজলৈ মানসম্পন্ন কন্টেন্ট আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । পিপ্পা হৈছে এনে এখন ছবি যি ছবিখন ডাঙৰ পৰ্দাৰ বাবে নিৰ্মাণ কৰা হৈছে আৰু মুক্তিৰ তাৰিখ সন্দৰ্ভত অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব ।

লগতে কয়," ১৯৭১ চনত আধুনিক ইতিহাসৰ অন্যতম বৃহৎ শৰণাৰ্থী প্ৰব্ৰজনৰ পটভূমিত ৰচিত হৈছে ‘পিপ্পা’ ছবিখন ৷ এখন দেশৰ মুক্তি আৰু দেশখন গঠনৰ দিশত আগুৱাই নিয়াৰ কাহিনী দৰ্শোৱা হ’ব এই ছবিখনত ৷ মহাকাব্যিক ছবিখন বিশ্বব্যাপী দৰ্শকৰ বাবে উন্মোচন কৰিবলৈ আমি অপেক্ষা কৰিব পৰা নাই ।"

উল্লেখ্য যে, ছবিখনত ঈশানে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতৰ পূব ফ্ৰণ্টত যুদ্ধ কৰা ৪৫ নং কেভেলৰী টেংক স্ক্ৱাড্ৰনৰ কেপ্টেইন মেহতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব বুলি জানিব পৰা গৈছে । ছবিখনত মৃণাল ঠাকুৰ আৰু ছোনী ৰাজদানোকো দেখা পোৱা যাব । (ANI)

লগতে পঢ়ক:Jawan release date Postponed : কিয় পিছুৱাই দিবলগীয়া হ’ল শ্বাহৰুখ খানৰ ছবি জৱানৰ মুক্তিৰ তাৰিখ ?

ABOUT THE AUTHOR

...view details