চিটাৰা ডেস্ক, 2 মে’:হলিউডৰ পৰা বলীউডলৈকে মেট গালা ২০২৩ ৰ ৰেড কাৰ্পেটত বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় চেলিব্ৰিটিয়ে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে । মেট গালাত চেলিব্ৰিটিৰ ৰঙীন সাজ-পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এইবাৰ গালা অনুষ্ঠানত ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা চোপ্ৰা, আলিয়া ভাট, নাটাছা পুনাৱালা আৰু মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানী (Isha Ambani attends Met Gala 2023)।
প্ৰথমবাৰৰ বাবে মেট গালাৰ ৰেড কাৰ্পেটত আলিয়া ভাটে নিজৰ মন্ত্ৰমুগ্ধ ৰূপেৰে অনুৰাগীক উন্মাদ কৰি তুলিছিল ৷ আনহাতে ঈশা আম্বানীৰ লুকে বলীউডৰ সুন্দৰীকো চেৰ পেলোৱা দেখা যায় ৷ ঈশা আম্বানীৰ মেট গালাৰ লুকে লাভ কৰিছে ব্যাপক চৰ্চা (Isha Ambani Met Gala 2023) ৷
মেট গালাত ঈশা আম্বানীয়ে নিজৰ কল্পনাতীত ফেশ্বন প্ৰদৰ্শন কৰিছিল । ঈশা আম্বানীয়ে পৰিধান কৰিছিল ক’লা ৰঙৰ শাৰী গাউন । ছ’চিয়েল মিডিয়াত ঈশাৰ এই ষ্টানিং লুকক বহুত প্ৰশংসা কৰিছে । বহু বছৰৰ পাচত ঈশাই গালা ইভেণ্টত অংশগ্ৰহণ কৰিছে । ঈশাই পৰিধান কৰিছিল নেপালী-আমেৰিকান ডিজাইনাৰ প্ৰবাল গুৰুঙৰ ডিজাইনাৰ আউটফিট । ক’লা চেটিন শাৰী গাউনটো মুকুতা আৰু স্ফটিকেৰে সজাই তোলা হৈছিল (Isha Ambani in black saree) ।