অসম

assam

ETV Bharat / entertainment

Jawan on OTT: কেতিয়া অ’টিটিত আহিব শ্বাহৰুখ খানৰ জৱান ?

৭ ছেপ্টেম্বৰত থিয়েটাৰত জৱানৰ সফল মুক্তি পোৱাৰ লগে লগে ছবিখনৰ অ’টিটিত মুক্তিৰ কথাক লৈ চৰ্চা চলিছে ।

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 4:35 PM IST

Is this when Shah Rukh Khan's Jawan will arrive on OTT?
কেতিয়া অ’টিটিত আহিব জৱান

চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি মুক্তি লাভ কৰিছে শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জৱান’ ৷ বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰাই দেশৰ ভিন্ন স্থানত আৰম্ভ হৈছিল জৱানৰ প্ৰথম শ্ব’ ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে সাধাৰণতে ছবিৰ প্ৰথম শ্ব’ আৰম্ভ হয় পুৱা ৯ বজাৰ পৰা ৷ কিন্তু জৱানৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম দেখা গ’ল শ্ব’ৰ সময় ৷ প্ৰথমবাৰৰ বাবে কোনো বলীউড ছবিক লৈ অনুৰাগীৰ মাজত ইমান উচাহ দেখা পোৱা গৈছে যে নিশা টোপনি ক্ষতি কৰি হ’লেও পুৱা ৫ বজাৰ শ্ব’ চাবলৈ উপস্থিত হৈছে ছবিগৃহত ৷ অনুৰাগীয়ে এই ছবিখনক এক প্ৰকাৰে উৎসৱৰ দৰে উদযাপন কৰিছে ৷

চাৰিওফালে এতিয়া কেৱল জৱানৰ জ্বৰ ৷ ছবিখনৰ বাবে সকলোৰে ফালৰ পৰা ভাল সঁহাৰি পোৱা গৈছে ৷ কি অনুৰাগী, কি তাৰকা সকলোৱে ছবিখন চোৱা পিচত প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা গৈছে ৷ কিন্তু এতিয়া প্ৰশ্ন হয় যে এই মেগা বাজেটৰ ছবিখন অ’টিটি প্লেটফৰ্মত কেতিয়া মুক্তি লাভ কৰিব ? বহু অনুৰাগীয়ে হয়তো ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে অপেক্ষা কৰি আছে ৷ গতিকে এই প্ৰতিবেদনত জানি লওক কেতিয়া জৱান অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব ৷

উল্লেখ্য যে, শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰডাকচন বেনাৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ Amazon Prime, Netflix, Disney+ Hotstar, Zee5, Voot আৰু SonyLiv দৰে একাধিক অ’টিটি প্লেটফৰ্মৰ সৈতে শক্তিশালী সম্পৰ্ক ভাগ-বতৰা কৰে ৷ ইয়াৰ পৰা ক’ব পাৰি যে জৱান অতি সোনকালে ইয়াৰে যিকোনো এটা প্লেটফৰ্মত ষ্ট্ৰীমিংৰ বাবে উপলব্ধ হ’ব । কিন্তু শেহতীয়া আপডেট অনুসৰি ছবিখন নেটফ্লিক্সক বিক্ৰী কৰা হৈছে ।

খবৰ অনুসৰি, ২৫০ কোটি টকাত বিক্ৰী কৰা হৈছিল কিং খানৰ পাঠান ৷ উল্লেখযোগ্য যে পাঠানক এমাজন প্ৰাইম ভিডিঅ’ত উপলব্ধ কৰা হৈছিল যদিও ই এটা ৱাই আৰ এফ প্ৰডাকচন। শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে জৱানৰ বাবে একেখন প্লেটফৰ্ম বাছি ল’ব নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

জৱানৰ ডিজিটেল মুক্তিৰ ক’থা যদি আমি কওঁ তেন্তে ক’ব লাগিব যে পূৰ্বে পাঠান ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ ৫৬ দিন পিচত অ’টিটিত মুক্তি লাভ কৰিছিল ৷ এতিয়া যদি পাঠানৰ কৌশল অৱলম্বন কৰে তেন্তে ৫৬ দিনৰ পাচত জৱান অ’টিটিত মুক্তি লাভ কৰিব পাৰে ৷ সেই অনুসৰি এই বছৰ দীপাৱলীৰ সময়ৰ আশে-পাশে জৱান অ’টিটিত মুক্তি পাব পাৰে ।

লগতে পঢ়ক:Jawan craze in Assam: ধুবুৰীত কিং খানৰ গাত ঢালিলে গাখীৰ !

ABOUT THE AUTHOR

...view details