চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ :বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জোৱান’ শেহতীয়া কালছোৱাত সৰ্বাধিক প্ৰত্যাশিত ছবি হিচাপে পৰিগণিত হৈছে ৷ উৰাবাতৰি চলিছে যে তেলুগু তাৰকা থালাপাথী বিজয় ছবিখনৰ অংশ হ’ব পাৰে ।
শনিবাৰে এটলীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত দুয়োজন চুপাৰষ্টাৰৰ সৈতে ফটো দি নিজৰ জন্মদিনটো আটাইতকৈ শ্ৰেষ্ঠ জন্মদিন হিচাপে গণ্য কৰে ৷ ফটো দেখাৰ পিছত কিন্তু অনুৰাগীসকল উদগ্ৰীৱ হৈ পৰে ৷ শ্বাহৰুখ আৰু বিজয়ক একেলগে ছবিত দেখা পোৱাৰ আশা কৰিছে অনুৰাগীয়ে ৷
ফটোত এজন অনুৰাগীয়ে মন্তব্য কৰে, "এখন আইকনিক ছবি! #ThalapathyVijay আৰু #ShahRukhKhan দুয়োজনেই ভাৰতীয় চিনেমা ইতিহাসৰ দুজন ডাঙৰ চুপাৰষ্টাৰ । ব্লকবাষ্টাৰৰ পিছত ব্লকবাষ্টাৰ, অতুলনীয় চুপাৰষ্টাৰডম & কেতিয়াও শেষ নোহোৱা ক্ৰেজ । দেশৰ দুজন ডাঙৰ মানি-স্পিনাৰ" । আন এজনে লিখে, "ৰলেক্স ৰিচ্চ । এতিয়া বিজয়ে কেমিঅ' গ্ৰহণ কৰিলে । প্ৰেৰণাদায়ক সূৰ্য়া" । "মই এইটো বিশ্বাস কৰিব পৰা নাই । এইটো সঁচা নেকি ? অনুগ্ৰহ কৰি নিশ্চিত কৰক", আৰু এজন অনুৰাগীয়ে প্ৰশ্ন কৰে ।