চিটাৰা ডেস্ক, 29 মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খান বলীউডৰ আটাইতকৈ জনপ্ৰিয় ষ্টাৰকিড ৷ প্ৰায়ে নিজৰ সাজ-পোছাক কিম্বা বন্ধুবৰ্গৰ সৈতে কৰা পাৰ্টিৰ বাবেও লাইমলাইটত থাকে সুহানা খান ৷ সম্প্ৰতি সুহানা খানৰ বিষয়ে ওলোৱা এটা গুজৱ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাৰ সৈতে লিংক আপৰ গুজৱৰ বাবেই শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা সুহানা খানে । মুম্বাইত অনুষ্ঠিত তানিয়া শ্ৰফৰ জন্মদিনৰ অনুষ্ঠানৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে (Agastya nanda blows flying kiss to suhana khan) ৷
শ্বেতা নন্দাৰ পুত্ৰ অগস্ত্য নন্দাই সুহানা খানক বাহনলৈ লৈ যোৱা দেখা গৈছিল ভিডিঅ’টোত ৷ ভিডিঅ’টোত শেষৰ ফালে বিদায় লোৱাৰ পূৰ্বে অগস্ত্যই সুহানা খানক ফ্লাইং কিছ দিয়া দেখা পোৱা যায় ৷ আনহাতে সুহানাই অগস্ত্যক হাত জোকাৰি ইভেণ্টৰ পৰা বিদায় লৈ বাহনত উঠি গুচি যায় ৷ সম্প্ৰতি অগস্ত্যই সুহানাক দিয়া ফ্লাইং কিছৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে (Suhana and Agastya dating) ৷