চিটাৰা ডেস্ক, 21 জুলাই: ৰেখাক বলীউডৰ এগৰাকী চিৰসেউজ অভিনেত্ৰী হিচাপে গণ্য কৰা হয় । ৰেখা য’তেই যায় তাতেই নিজৰ মনোমোহাতাৰে সকলোৰে হৃদয় জয় কৰে ৷ যদিও ৰেখাৰ নাম উদ্যোগটোৰ বহু লোকৰ লগত জড়িত আছিল, কিন্তু অমিতাভ বচ্চনৰ সৈতে তেওঁৰ কেমিষ্ট্ৰী আজিও সকলোৰে মুখে মুখে প্ৰচলিত । যেতিয়াই অভিনেত্ৰীগৰাকীক সেন্দুৰ লোৱা দেখা গৈছিল তেতিয়াই সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল যে বিয়া নোহোৱাৰ পিচতো ৰেখাই কিয় সেন্দুৰ লয় ৷ শেহতীয়াকৈ ৰেখাৰ জীৱনক লৈ লিখা কিতাপখনৰ প্ৰকাশ পাইছে এক চাঞ্চল্যকৰ তথ্য । ইয়াছিৰ উছমানে লিখা এই জীৱনীত ৰেখা নিজৰ চেক্ৰেটেৰীৰ সৈতে লিভ ইন ৰিলেচনত থকা বুলি দাবী কৰা হৈছে ।
সঁচাকৈ চেক্ৰেটাৰীৰ সৈতে লিভ ইন ৰিলেচনত আছে নেকি ৰেখা ?
উল্লেখ্য যে, বিনোদ খান্না আৰু জিতেন্দ্ৰৰ সৈতে ৰেখাৰ সম্পৰ্কৰ খবৰে এসময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল । ইয়াৰ পিচতে অমিতাভ বচ্চনৰ সৈতেও অভিনেত্ৰীগৰাকীৰ সম্পৰ্কৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ কিন্তু আপুনি জানেনে ৰেখাৰ জীৱনত এই সকলোবোৰৰ বাহিৰে আন এগৰাকী ব্যক্তি আছে যিয়ে ৰেখাৰ হৃদয়ত বিশেষ স্থান দখল কৰিছে। সেয়া আন কোনো নহয়, ৰেখাৰ চেক্ৰেটেৰী ফাৰ্জানা । ইয়াছিৰ উছমানে লিখা ৰেখাৰ জীৱনীত এই ৰহস্য উন্মোচিত হৈছে । য’ত কোৱা হৈছে যে ৰেখাৰ সম্পৰ্ক নিজৰ চেক্ৰেটেৰীৰ সৈতে আছে । এই কিতাপখনত কোৱা হৈছে যে ৰেখাৰ শোৱা কোঠালৈ যাবলৈ দিয়া একমাত্ৰ ব্যক্তিগৰাকীয়েই হৈছে ফাৰ্জানা ।