অসম

assam

ETV Bharat / entertainment

পুনৰ মাতৃ হ’বলৈ আগবঢ়িছে নেকি কৰীণা কাপুৰ খান ?

কৰীণা কাপুৰ খানৰ গৰ্ভধাৰণৰ উৰাবাতৰিয়ে এতিয়া ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে ৷ কালিৰে পৰা কৰীণাৰ অন্তসত্বাৰ বাতৰিয়ে তোলপাৰ লগাই থকাৰ মাজতে ছৈফে আলী খানে দিলে এক অদ্ভূত ৰিপ্লাই (Kareena kapoor pregnant ) ৷ কি ক’লে অভিনেতাজনে জানিবলৈ আগলৈ পঢ়ক ৷

Kareena pregnant
আকৌ মাতৃ হ’বলৈ আগবঢ়িছে নেকি কৰীণা কাপুৰ খান?

By

Published : Jul 20, 2022, 6:26 PM IST

চিটাৰা ডেস্ক, 20 জুলাই : অৱশেষত মুখ খুলিলে কৰীণা কাপুৰ খানে ৷ সাধাৰণতেই নেতিবাচকতাৰ পৰা আঁতৰি থকা কৰীণাইয়ো এইবাৰ দিলে নেটিজেনক ৰিপ্লাই (Kareena Kapoor news today) ৷ ইউৰোপত ছৈফ, টাইমুৰ আৰু জেহৰ সৈতে বন্ধৰ দিন উদযাপন কৰি থকা কৰীণাক লৈ অকস্মাতে ছ’চিয়েল মিডিয়াত বাতৰি বিয়পি পৰিল যে অভিনেত্ৰী গৰাকী পুনৰ মা হ’বলৈ ওলাইছে ৷ তেওঁলোকৰ ভ্ৰমণৰ এখন ফটোত বেবী বাম্প লৈ থকা যেন দেখা গৈছিল কৰীণাক ৷ তাৰ পৰাই ধুমুহাৰ সৃষ্টি হয় ইণ্টাৰনেটত ৷

এই উৰাবাতৰি নসাৎ কৰি কৰীণাই ইনষ্টাগ্ৰামত এটা হাস্যকৰ টোকা আপলোড কৰে (Kareena Kapoor khan instagram) । "ছৈফে তেওঁ ইতিমধ্যে আমাৰ দেশৰ জনসংখ্যালৈ বহুত বেছি অৱদান আগবঢ়াইছে", এইবুলি উল্লেখ আছিল টোকাটোত (Kareena Kapoor khan latest news)।

কৰীণা কাপুৰ খান

২০১২ চনৰ ১৬ অক্টোবৰত ছৈফ আৰু কৰীণা বিবাহপাশত আৱদ্ধ হৈছিল । পৰিয়ালৰ সকলো ঘনিষ্ঠ সদস্যৰ উপস্থিতিত এক অন্তৰংগ অনুষ্ঠানত এই বিবাহ সম্পন্ন হৈছিল । ২০১৬ চনত প্ৰথম পুত্ৰ টাইমুৰ আলী খানক আদৰণি জনোৱাৰ পিছত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ দ্বিতীয় পুত্ৰ জাহাংগীৰ আলী খানৰ জন্ম হয় ।

ছৈফ পূৰ্বে অমৃতা সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও ২০০৪ চনত ১৩ বছৰীয়া সম্পৰ্কৰ অন্ত পেলাইছিল । আনহাতে কৰীণাইয়ো বিয়াৰ পূৰ্বে কেইবাজনো অভিনেতাক ডেট কৰিছিল ৷

লগতে পঢ়ক:বলীউডক অন্য এক মাত্ৰা দিয়া নাছিৰুদ্দিন শ্বাহৰ আজি ওপজা দিন

ABOUT THE AUTHOR

...view details