চিটাৰা ডেস্ক, ৭ জানুৱাৰী: বলীউড আৰু হলিউডত নিজৰ উৎকৃষ্ট অভিনয়ৰে নাম অৰ্জন কৰা ইৰফান খান আজি আমাৰ মাজত নাই, কিন্তু ছবিৰ জৰিয়তে এতিয়াও অনুৰাগীৰ মাজত জীয়াই আছে । ১৯৬৭ চনৰ ৭ জানুৱাৰীত জয়পুৰৰ মুছলমান পাঠান পৰিয়ালত জন্ম হৈছিল ইৰফান খানৰ । তেওঁৰ সম্পূৰ্ণ নাম সাবাহজাদে ইৰফান আলী খান । তেওঁৰ পিতৃয়ে টায়াৰৰ ব্যৱসায় কৰিছিল । আপুনি জানি আচৰিত হ’ব যে ইৰফান খান শৈশৱত নিৰামিষভোজী আছিল । তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ সৈতে জড়িত এনে কিছুমান আমোদজনক কাহিনী ।
শৈশৱত নিৰামিষভোজী আছিল ইৰফান
পাঠান পৰিয়ালত জন্মগ্ৰহণ কৰাৰ পিচতো ইৰফান শৈশৱত নিৰামিষভোজী আছিল । দেউতাকে সদায় ধেমালিতে কৈছিল যে তেওঁ পাঠান পৰিয়ালত ব্ৰাহ্মণ জন্ম হৈছে । আচলতে শৈশৱত জীৱ-জন্তু চিকাৰ কৰাটো ইৰফানে ভাল পোৱা নাছিল ৷ ইৰফান খানৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰ বহু সংগ্ৰামৰ সৈতে পাৰ হৈছিল । আচলতে ইৰফানে যেতিয়া এন এছ ডিত এডমিচন লৈছিল তেতিয়া সেইদিনা দেউতাকৰ মৃত্যু হৈছিল । ইয়াৰ পিচত ইৰফানে ঘৰৰ পৰা পইচা পোৱা বন্ধ হৈ পৰিছিল । ইয়াৰ পিচত ফেল’শ্বিপৰ জৰিয়তে নিজৰ শিক্ষা সম্পূৰ্ণ কৰিছিল ।
ধৰ্ম সলনি কৰিবলৈ সাজু আছিল ইৰফান