চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: বছৰটোৰ আৰম্ভণিৰ পিচৰে পৰা বি-টাউনত চৰ্চাৰ বিষয় হৈ পৰিছে আমিৰ খানৰ কন্যাৰ বিবাহ ৷ প্ৰথমে আইনী বিবাহ, তাৰ পাচত উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় আইৰা খান আৰু নুপুৰ শিখাৰে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে আইৰা ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বিপৰীত নুপুৰ হিন্দু মাৰাঠী পৰিয়ালৰ ৷ মনকৰিবলগীয়া বিষয় যে দুয়োৰে বিবাহ ইছলাম বা হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি হোৱা নাই ৷ বৰঞ্চ খ্ৰীষ্টান ধৰ্ম অনুসৰি হে হৈছে ৷
উদয়পুৰত বিবাহৰ পিচত এতিয়া শনিবাৰে সন্ধিয়া মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় আইৰা-নুপুৰৰ অভ্যৰ্থনা অনুষ্ঠান । য’ত আমিৰ খানৰ সমগ্ৰ পৰিয়ালৰ উপৰিও বি-টাউনৰ লগতে বহু ৰাজনৈতিক ব্যক্তিও উপস্থিত থাকে ৷ কিন্তু এই বিয়াত উপস্থিত নাছিল আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও । ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছিল যে কি কাৰণত কিৰণ ৰাও অভ্যৰ্থনাত অনুষ্ঠানত নাহিল ৷ কিৰণ ৰাও অভ্যৰ্থনাত অনুষ্ঠানত উপস্থিত নথকাৰ এটা ডাঙৰ কাৰণ এতিয়া পোহৰলৈ আহিছে ।
মুম্বাইত আইৰা-নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন
যোৱা ৩ জানুৱাৰীত আইনী বিবাহৰ অন্তত ১০ জানুৱাৰীত উদয়পুৰত খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় আইৰা খান-নুপুৰ শিখাৰে । এতিয়া যোৱা নিশা অৰ্থাৎ ১৩ জানুৱাৰীত আমিৰ খানে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত এই নৱবিবাহিতা দম্পতীৰ বাবে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল । এই অভ্যৰ্থনাৰ ছবি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ।