চিটাৰা ডেস্ক, ৪ জানুৱাৰী: বলীউডৰ প্ৰত্যেকখন বিয়াত সকলোৰে দৃষ্টি থাকে । কাৰণ বলীউড তাৰকাসকলে নিজৰ কিম্বা নিজৰ সন্তানৰ বাবে গ্ৰেণ্ড ৱেডিং বা ডেষ্টিনেচন ৱেডিঙৰ আয়োজন কৰে । তাৰকাসকলে বিয়াত পানীৰ দৰে টকা খৰচ হয়, সেয়েহে, বলীউডৰ বিয়াত বহু নতুন নতুন বস্তু চাবলৈ পাই অনুৰাগীয়ে । কিন্তু বলীউডৰ এগৰাকী ছুপাৰষ্টাৰৰ কন্যাই বুধবাৰে অতি সাধাৰণভাৱে বিবাহপাশত আৱদ্ধ হয় ৷ যিটো বলীউডত খুব কম দেখা পোৱা যায় । যাৰ বাবে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই বিবাহখনে ৷ হয়, আমি কৈছো আমিৰ খানৰ কন্যা ইৰা খানৰ বিবাহৰ কথা ৷
উল্লেখ্য যে, ৩ জানুৱাৰীত আমিৰ খানৰ কন্যা ইৰা খানে দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু বলীউডৰ গ্ৰেণ্ড ৱেডিঙৰ পৰা সম্পূৰ্ণ ব্যতিক্ৰম আছিল ইৰাৰ বিবাহ অনুষ্ঠান ৷ দৰা-কইনাৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি সকলো বস্তুৱেই আছিল অতি স্বাভাৱিক । আনকি ইৰাৰ সপোনৰ ৰাজকুমাৰ আৰু আমিৰ খানৰ জোঁৱাই নুপুৰ শিখাৰেও দৰাৰ সাজত পিন্ধি আহিছিল জগিং কৰা সাজ-পোছাক ৷ হয়, আচৰিত যেন লাগিলেও এই বিবাহখনত সকলো কথাই আছিল ব্যতিক্ৰমী ৷