চিটাৰা ডেস্ক, ৩ জানুৱাৰী: আজি বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ কন্যা ইৰা খান । দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব ইৰা খানে । অৱশ্যে আজি ইৰা আৰু নুপুৰৰ আইনী বিয়া হে সম্পন্ন হ’ব ৷ ইফালে এই বিশেষ দিনৰ বাবে সাজু হ’বলৈ পাৰ্লাৰলৈ যোৱা দেখা গ’ল ইৰাক। সম্প্ৰতি পাৰ্লাৰৰ বাহিৰৰ পৰা ইৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমিৰ খানৰ কন্যাক অতি সাধাৰণ সাজ-পোছাকত দেখা গৈছে । ইফালে একাংশই ইৰাৰ সাজ-পোছাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
পাৰ্লাৰৰ বাহিৰত কেজুৱেল লুকত দেখা গৈছিল ইৰা খানক । মিনি স্কাৰ্ট আৰু টি-চাৰ্ট পৰিহিত ইৰাক গোলপীয়া ৰঙৰ চুলিৰ বেণ্ড পৰিধান কৰা দেখা গৈছিল ৷ এই বেণ্ডটোত লিখা আছিল ‘Bride to be’ । ইৰাই ইয়াৰ স’তে পৰিধান কৰিছিল ক’লহাপুৰী চপ্পল ।
ইৰাৰ এই লুকটোৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এই ভিডিঅ’টোত ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে নিজৰ মতামত । একাংশই ইৰাৰ ড্ৰেছিং চেন্সৰ ওপৰত মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বেচেলৰ পাৰ্টি বেণ্ডটো খুলিবলৈ পাহৰিলে । আনহাতে আন এজনে লিখিছে – আপুনি এতিয়াও এই শৈশৱৰ পোছাক পৰিধান কৰে ? এজনে লিখিছে – এনেকৈ খোজ কঢ়াৰ কি প্ৰয়োজন ?