চিটাৰা ডেস্ক, 12 আগষ্ট : দিনক দিনে বেয়ালৈ গৈ আছে উৰ্ৱশী ৰৌতেলা আৰু ঋষভ পাণ্টৰ মাজৰ সম্পৰ্ক ৷ তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্ট চাই এনেকুৱা লাগিছে যেন এই কথাৰ কটাকটিৰ অন্ত নহ’ব কেতিয়াও ৷ বৃহস্পতিবাৰে ঋষভ পাণ্টে এটা ভাইৰেল ভিডিঅ’ত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যিটো ভিডিঅ’ত অভিনেত্ৰী উৰ্ৱশীয়ে কৈছিল যে হোটেলৰ লবীত এজন নিৰ্দিষ্ট ‘আৰ পি’ য়ে তেওঁৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি আছিল ।
ঋষভ পাণ্টে ইয়াক খাৰিজ কৰি কয় যে "সামান্য জনপ্ৰিয়তা অৰ্জনৰ খাতিৰতে সাক্ষাৎকাৰত কিছুমান মানুহে মিছা কথা কয়" ৷ অৱশ্যে এই পোষ্টটো দি তেওঁ কেইঘণ্টামানৰ পিছত ডিলিট কৰিছিল । এতিয়া উৰ্ৱশীয়ে তেওঁৰ ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ঋষভ পাণ্টৰ ‘Mera Picha Chhoro Behen’ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৰ্ৱশীয়ে ইনষ্টাগ্ৰামত এটা দীঘলীয়া টোকা লিখিছে । তেওঁ লিখিছে, "সৰু ভাইটিয়ে বেট বল খেলাই ভাল...মই কোনো মুন্নী নহয় যে তোমাৰ সৈতে বদনাম হৈ যাম.. #ৰাখী বন্ধনৰ শুভেচ্ছা" ৷ "RP CHOTU BHAIYYA, Cougar Hunter, আৰু Don't take advantage of a silent girl", এইদৰে নিজৰ পোষ্টটো শেষ কৰে উৰ্ৱশীয়ে ।
2018 চনত মুম্বাইৰ বহু জনপ্ৰিয় ৰেষ্টুৰেণ্ট, পাৰ্টী, অনুষ্ঠানত একেলগে প্ৰৱেশ আৰু প্ৰস্থান কৰা দেখা পোৱাৰ পিছত দুয়োৰে মাজৰ সম্পৰ্কক লৈ বাতৰি আৰম্ভ হয় । একে বছৰতে অলপ সময় পিছলৈ হোৱাটছএপত দুয়োজনে ইজনে সিজনক ব্লক কৰা বুলি বাতৰি প্ৰকাশ পায় । ঋষভ পাণ্টে অৱশ্যে 2019 চনৰ জানুৱাৰী মাহত উৰাবাতৰি খাৰিজ কৰি প্ৰেমিকা ঈশা নেগীৰ সৈতে সম্পৰ্কৰ কথা ঘোষণা কৰে । ঋষভে ঈশাৰ সৈতে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰি তেওঁৰ বাবে এটা মেছেজ লিখিছিল, "মাত্ৰ তোমাক সুখী কৰিব বিচাৰো কাৰণ তুমিয়েই মোৰ সুখী হোৱাৰ কাৰণ" ৷