অসম

assam

Ashish Vidyarthi visit Assam: শুৱালকুছি ভ্ৰমণ কৰি অভিভূত হৈ পৰিল অভিনেতা আশীষ বিদ্যাৰ্থী

By

Published : Dec 7, 2022, 1:54 PM IST

পৃথিৱীৰ সৰ্ববৃহৎ বয়ন শিল্পৰ গাঁও তথা পূৱৰ মানচেষ্টাৰ খ্যাত অসমৰ শুৱালকুছি ভ্ৰমণ কৰে জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থীয়ে ৷ শুৱালকুছিৰ পাট-মুগাৰ উদ্যোগ দেখি অভিভূত হৈ পৰে অভিনেতাজন ৷ অসমত ভোট জলকীয়াৰো সোৱাদ ল’লে খ্যাতনামা অভিনেতা গৰাকীয়ে ৷

Ashish Vidyarthi visit Assam
Ashish Vidyarthi visit Assam

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : Vlogging বৰ্তমান সময়ত খুবেই জনপ্ৰিয় ৷ অভিনেতা-অভিনেত্ৰীৰ লগতে সাধাৰণ মানুহেও বৰ্তমান সময়ত খুব বেছিকৈ কৰিবলৈ লৈছে vlogging ৷ পেছাগত কামৰ উপৰিও বহুতে vlogging ৰ জৰিয়তে বিশেষ এটা বিষয় নিৰ্বাচন কৰি মানুহৰ সৈতে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে ৷ ভ্ৰমণ কাহিনী, খাদ্যাভাষ, জীৱন প্ৰণালী, সাজ-সজ্জা এইবোৰ হৈছে vlogging ৰ জনপ্ৰিয় বিষয় ৷

চলচ্চিত্ৰ জগতৰ সৈতে জড়িত তাৰকাসকলৰ মাজতো আছে vlogging ৰ জনপ্ৰিয়তা ৷ অভিনয়ৰ সমান্তৰালকৈ তেওঁলোকে vlogging ৰ জৰিয়তেও নিজৰ অনুৰাগী সকলৰ সৈতে জড়িত হৈ থাকিবলৈ ভাল পায় ৷ আজি আমি আপোনালোকক জনাব বিচাৰিছো মনোৰঞ্জন ক্ষেত্ৰখনৰ এজন জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থীৰ vlog ৰ বিষয়ে ৷

আশীষ বিদ্যাৰ্থী সকলোৰে মাজত চিৰ পৰিচিত এখন মুখ (Ashish Vidyarthi instagram) ৷ পৰ্দাত বেছিভাগ সময়তে তেওঁক খলনায়কৰ চৰিত্ৰতেই দৰ্শকে দেখি আহিছে ৷ নিজৰ যিকোনো চৰিত্ৰৰে দৰ্শকৰ মনত অনুভূতি জগাই তুলিব পৰা আশীষ বিদ্যাৰ্থী সঁচাকৈয়ে এজন সফল অভিনেতা ৷

আশীষ বিদ্যাৰ্থীয়েও কৰে vlogging, তাকো খুব ৰস লগাকৈ (Ashish Vidyarthi vlogging) ৷ তেওঁ বিশষকৈ খাদ্যৰ ওপৰত বিভিন্ন ভিডিঅ’ বনাই অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে ৷ শেহতীয়াকৈ নৱেম্বৰ মাহত আশীষে অসম ভ্ৰমণ কৰে ৷ অসমীয়াৰ আতিথ্য আৰু মাটি-পানী-বায়ুৰ সৈতে একাত্ম হৈ অভিভূত হৈ পৰে অভিনেতাজন ৷

এইবাৰ অসম ভ্ৰমণৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত শুৱালকুছিত উপস্থিত হৈ আচৰিত হৈ পৰে আশীষ বিদ্যাৰ্থী ৷ তেওঁৰ এই যাত্ৰাৰ সহযোগী আছিল তেওঁৰ অসমৰ বন্ধু নাট্যকৰ্মী অনুপ হাজৰিকা ৷ গুৱাহাটী ভ্ৰমণৰ সময়ত অনুপ হাজৰিকা আছিল আশীষৰ ট্ৰেভেল গাইড ৷ শুৱালকুছিত উপস্থিত হৈ তাৰ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে অভিনেতাজনে ৷ Silk Village হিচাপে পৰিচিত শুৱালকুছিৰ পাট-মুগাৰ উদ্যোগত শালত বোৱা কাপোৰ দেখি হতবাক হোৱাৰ লগতে তাত কৰ্মৰত লোকসকলৰ প্ৰশংসাও কৰে বিদ্যাৰ্থীয়ে ৷

পাটৰ কাপোৰ, মুগা, মেখেলা-চাদৰ এই সকলোবোৰ কেনেদৰে হাতেৰে বোৱা হয় সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰিলে অভিনেতাজনে ৷ শুৱালকুছি যে বিশ্বৰ আটাইতকৈ ডাঙৰ বয়ন শিল্পৰ গাঁও তথা এই গাঁৱৰ প্ৰতিটো পৰিয়ালেই যে ৰেচমৰ কাপোৰ প্ৰস্তুতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, এই সকলো তথা তেওঁ vlog ত সুন্দৰকৈ বৰ্ণনা কৰিছে (Ashish Vidyarthi vlog) ।

অনুপ হাজৰিকাৰ উপৰিও অসমত আশীষ বিদ্যাৰ্থীৰ আছে আন দুজন বন্ধু ক্ৰমে বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই কদম ৷ National School of Drama চমুকৈ NSD ত এওঁলোক দুজন আছিল আশীষ বিদ্যাৰ্থীৰ সহপাঠী ৷ সেয়ে প্ৰায়ে অসম ভ্ৰমণ কৰে অভিনেতা আশীষ বিদ্যাৰ্থীয়ে ৷ তেওঁৰ লগতে তেওঁৰ অনুৰাগী সকলৰ বাবেও বিশেষ আছিল এইবাৰৰ অসম ভ্ৰমণ ৷ কিয়নো অসমৰ বিশেষ বিশেষ স্থান সমূহৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে Food Vlogging কৰা অভিনেতাজনে ল’লে বিভিন্ন পৰম্পৰাগত খাদ্যৰ জুতি ৷

বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ ঘৰত আশীষে ল’লে পৃথিৱী বিখ্যাত ভোট জলকীয়াৰ সোৱাদ ৷ এই জলকীয়াৰ সোৱাদ পাই আপ্লুত হৈ পৰে অভিনেতাজন ৷ অসম যাত্ৰাৰ সুন্দৰ বিৱৰণ আপোনালোকে আশীষ বিদ্যাৰ্থীৰ ইউটিউব চেনেলত চাবলৈ পাব (Ashish Vidyarthi youtube) ৷

লগতে পঢ়ক :Rang ghar National Drama Festival: কাছবা অৰ্ঘ্যৰ দুখনকৈ নাটকে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক

ABOUT THE AUTHOR

...view details