অসম

assam

ETV Bharat / entertainment

Indian 2 An Intro: কমল হাছানৰ ছবি ‘ইণ্ডিয়ান ২’ৰ ফাৰ্ষ্ট লুক মুক্তিৰ তাৰিখ ঘোষণা - ইণ্ডিয়ান

শেহতীয়াকৈ ‘ইণ্ডিয়ান ২’ৰ নিৰ্মাতাসকলে তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত ছবিখনৰ সন্দৰ্ভত এক ঘোষণা কৰিছে । কমল হাছান আৰু শংকৰৰ ছবি ইণ্ডিয়ান ২ৰ ফাৰ্ষ্ট লুক অহা ৩ নৱেম্বৰত মুক্তি পাব ।

Indian 2 An Intro: First glimpse for Kamal Haasan and Shankar's next to be out THIS date
ইণ্ডিয়ান-২ এন ইন্ট্ৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 3:54 PM IST

চিটাৰা ডেস্ক, 29 অক্টোবৰ: জনপ্ৰিয় তামিল ছবি পৰিচালক এছ শংকৰ বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ইণ্ডিয়ান ২’ৰ বাবে চৰ্চাত আছে । এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব কমল হাছানক । অনুৰাগীয়ে এই ছবিখনৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল । এতিয়া ছবিখনৰ সন্দৰ্ভত নিৰ্মাতাই এক ডাঙৰ ঘোষণা কৰিছে । অনুৰাগীসকলক কি উপহাৰ দিব নিৰ্মাতাই জানিবলৈ পঢ়ক এই সম্পূৰ্ণ খবৰ ।

অহা ৩ নৱেম্বৰত দেখা যাব কমল হাছানৰ ছবিখনৰ আভাস

শেহতীয়াকৈ ‘ইণ্ডিয়ান ২’ৰ নিৰ্মাতাসকলে তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত ছবিখনৰ সন্দৰ্ভত এক ঘোষণা কৰিছে । কমল হাছান আৰু শংকৰৰ ছবি ইণ্ডিয়ান ২ ৰ ফাৰ্ষ্ট লুক অহা ৩ নৱেম্বৰত মুক্তি পাব । ছবিখনৰ প্ৰযোজনা কৰা লাইকা প্ৰডাকচনে এই সন্দৰ্ভত এটা আনুষ্ঠানিক ঘোষণা কৰি নিজৰ টুইটত লিখিছে, "উদযাপন সোনকালে আৰম্ভ হ’ব । ৩ নৱেম্বৰত মুক্তি পাবলগীয়া ‘‘ইণ্ডিয়ান-২ এন ইন্ট্ৰ’’ৰ বাবে সাজু হওক #Indian2 A glimpse of ।"

এই চৰিত্ৰত দেখা যাব অভিনেতাগৰাকীক

এই খবৰৰ পিচতে অনুৰাগীসকলে ছবিখন চাবলৈ আৰু আগ্ৰহেৰে অপেক্ষা কৰি আছে । শীঘ্ৰে মুক্তি পাব ছবিখন । লাইকা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘ইণ্ডিয়ান ২’ একে নামৰে অৰ্থাৎ ‘ইণ্ডিয়ান ২’ ব্লকবাষ্টাৰ থ্ৰিলাৰখনৰ ছিকুৱেল ছবি । ছবিখনত কমল হাছানক স্বাধীনতা সংগ্ৰামী কমাণ্ডাৰ হিচাপে দেখা যাব ।

ছবিখন চাবলৈ উৎফুল্লিত হৈ পৰিছে অনুৰাগী

‘ইণ্ডিয়ান ২’ৰ জৰিয়তে পুনৰ পৰ্দাত একচন ষ্টাণ্ট কৰা দেখা যাব কমল হাছানক । উল্লেখ্য যে কমল হাছানৰ উপৰিও ছবিখনত কাজল আগৰৱালা, প্ৰিয়া ভৱনী শংকৰ, সিদ্ধাৰ্থ, ৰাকুল প্ৰীত সিং আৰু ববী সিম্হাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । অনিৰুদ্ধ ৰবিচন্দৰে এই ছবিখনত সংগীত দিছে ।

লগতে পঢ়ক:Deepika Padukone: ট্ৰলিঙৰ মাজতে দীপিকাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’, সমালোচকে দিলে উপযুক্ত উত্তৰ

ABOUT THE AUTHOR

...view details