অসম

assam

Dharmendra First Wife: দীৰ্ঘদিন পিচত ধৰ্মেন্দ্ৰৰ লগতে দেখা গ’ল প্ৰথমা পত্নী প্ৰকাশ কৌৰক, চাওক দেউল পৰিয়ালৰ ফটো

By

Published : Jun 21, 2023, 11:42 AM IST

Updated : Jun 21, 2023, 12:25 PM IST

কৰণ দেউলে তেওঁৰ বিয়া আৰু অভ্যৰ্থনাৰ বহু ফটো শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত ৷ চাওক কৰণে শ্বেয়াৰ কৰা শেহতীয়া ছবিসমূহ ৷

In Karan Deol's new wedding pictures, Dharmendra and Sunny Deol's wives make rare appearance
কৰণ দেউলৰ বিয়াত একেলগে দেখা গ’ল সমগ্ৰ দেউল পৰিয়ালক

চিটাৰা ডেস্ক, 21 জুন: কৰণ দেউলৰ বিয়াত একেলগে দেখা গ’ল দেউল পৰিয়ালক । বিয়াৰ পিচত কৰণ দেউলে ছ’চিয়েল মিডিয়াত পৰিয়ালৰ সৈতে কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত কৰণৰ আইতাক অৰ্থাৎ ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰক দেখা পোৱা যায় । কৰণে এই ছবিবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে । উজ্জ্বল কমলা ৰঙৰ চুট আৰু ষ্টাইলিছ গগলছ পৰিধান কৰি প্ৰকাশ কৌৰে ধৰ্মেন্দ্ৰৰ কাষত থিয় হৈ নাতি কৰণ দেউল আৰু ন কইনাৰ সৈতে ফটোৰ বাবে পোজ দিয়ে ।

বহুদিনৰ পিচত ধৰ্মেন্দ্ৰৰ সৈতে দেখা গ’ল প্ৰকাশ কৌৰক

উল্লেখ্য যে, সদায় লাইমলাইটৰ পৰা আঁতৰি থাকে ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰ । কিন্তু এইবাৰ তেওঁ নাতিয়েকৰ বিয়াত এক ব্যতিক্ৰমী ৰূপত উপস্থিত হয় ৷ কৰণ দেউলে শ্বেয়াৰ কৰা এখন ফটোত ধৰ্মেন্দ্ৰৰ কাষত প্ৰকাশ কৌৰ থিয় হৈ আছে আৰু দৰা-কইনাক আশীৰ্বাদ দিয়া দেখা গৈছে। ছবিবোৰত দেউল পৰিয়ালক সুখী যেন লাগিছে।

এটা ফ্ৰেমত দেখা গ’ল ছানী আৰু পূজাক

এফালে বহু দিনৰ পিচত দেখা গৈছে কৰণৰ আইতা প্ৰকাশ কৌৰক আনফালে ছানী দেউলৰ পত্নী পূজা দেউলক ফেমেলি ফটোৰ বাবে পোজ দিয়া দেখা গ’ল। এই উপলক্ষে পূজাই সেউজীয়া চুট পৰিধান কৰিছিল আৰু ছানীয়ে পৰিধান কৰিছিল শ্বেৰৱানী।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ৰিচেপচনৰ ফটো

এই ছবিসমূহৰ উপৰিও কৰণ দেউলে বিয়াৰ অভ্যৰ্থনাৰ ফটোও শ্বেয়াৰ কৰিছে । য’ত তেওঁৰ সমগ্ৰ পৰিয়ালটোক একেলগে দেখা যায় । এই ছবিসমূহ শ্বেয়াৰ কৰি কৰণ দেউলে লিখিছে- 'মোৰ পৰিয়ালৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ । মোৰ হৃদয় ভৰি পৰিছে ।’ খুৰায়েক ববি দেউলে কৰণৰ এই পোষ্টটোত ৰঙা হৃদয়ৰ ইমোজী শ্বেয়াৰ কৰিছে।

লগতে পঢ়ক:Dharmendra Hema Malini Marriage: ছানী দেউলতকৈ মাত্ৰ কেইবছৰ মানৰ ডাঙৰ মাহীমাক হেমা মালিনী

লগতে পঢ়ক:TV Serial Ramayan: ৩৬ বছৰ পূৰ্বে নিৰ্মিত ৰামায়ণৰ এটা খণ্ডই কিমান উপাৰ্জন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

Last Updated : Jun 21, 2023, 12:25 PM IST

ABOUT THE AUTHOR

...view details