চিটাৰা ডেস্ক, ২১ আগষ্ট: ‘গদৰ ২’ ছবিখনেৰে আলোড়নৰ সৃষ্টি কৰা ছানী দেওলৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । দেওবাৰে ছানী দেওলৰ সন্দৰ্ভত এটা বেয়া খবৰ পোৱা গৈছিল ৷ কোৱা হৈছিল যে ছানী দেওলে ঋণ পৰিশোধ নকৰাৰ বাবে বেংক অৱ বৰোদাই তেওঁৰ জুহু বাংলো নিলাম কৰাৰ জাননী প্ৰেৰণ কৰিছিল ৷ এতিয়া এই বিষয়ত ছানী দেওলে লাভ কৰিছে সকাহ ৷ বাংলোটো নিলামৰ জাননী প্ৰত্যাহাৰ কৰিছে বেংকে । বেংকে ২৫ ছেপ্টেম্বৰত ছানী দেওলৰ এই বাংলোটো নিলাম কৰাৰ কথা ঘোষণা কৰিছিল ৷
মুম্বাইৰ জুহুত অৱস্থিত অভিনেতা তথা বিজেপি সাংসদ ছানী দেওলৰ মালিকানাধীন বাংলোটোৰ সন্দৰ্ভত নিলামৰ জাননী প্ৰত্যাহাৰ কৰা হৈছে বুলি আজি বেংক অৱ বৰোদাৰ এক ঘোষণাত প্ৰকাশ পাইছে । ২৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ই-নিলামৰ জৰিয়তে ৫৬ কোটি টকা আদায় কৰাৰ লক্ষ্যৰে দেওবাৰে বেংক অৱ বৰোদাই গদৰ ২ অভিনেতাৰ সম্পত্তি নিলামৰ সিদ্ধান্ত ৰাজহুৱা কৰে ।
বেংক অৱ বৰোদাই আজি এক বিবৃতিত ব্যাখ্যা কৰে যে, তেওঁৰ পৰ্দাৰ নাম ছানী দেওল নামেৰে পৰিচিত অজয় সিং দেওলৰ সৈতে জড়িত নিলামৰ জাননীখন কাৰিকৰী কাৰণত প্ৰত্যাহাৰ কৰা হৈছে ৷ পূৰ্বে প্ৰকাশ পোৱা অনুসৰি বেংকে প্ৰকাশ কৰিছিল যে ছানী ভিলা নামৰ জুহুৰ সম্পত্তিটোৰ নিলাম ৫১.৪৩ কোটি টকাত আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল, য’ত নিলামৰ ন্যূনতম পৰিমাণ ৫.১৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল । দেওবাৰে জাৰি কৰা জাননীখনত লগতে উল্লেখ কৰা হৈছিল যে দেওল পৰিয়ালে যদি এই ঋণ পৰিশোধ কৰে তেন্তে এই নিলামি বন্ধ হৈ যাব পাৰে ৷