চিটাৰা ডেস্ক, 2 অক্টোবৰ:পংকজ ত্ৰিপাঠীক বলীউডৰ শ্ৰেষ্ঠ অভিনেতাৰ ভিতৰত গণ্য কৰা হয় । বহু ছবি আৰু ৱেব ছিৰিজত উৎকৃষ্ট অভিনয়ৰ জৰিয়তে দশৰ্কৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে । বৰ্তমান তেওঁ শেহতীয়াকৈ মুক্তি পোৱা ছবি Fukrey 3 ৰ বাবে চৰ্চাত আছে । ইফালে এটা সাক্ষাৎকাৰত তেওঁ কয় যে এতিয়া তেওঁ ভাগৰি পৰিছে, সেয়েহে এতিয়া তেওঁ কম ছবিৰ বাবে চুক্তি কৰে ।
পংকজ ত্ৰিপাঠীয়ে কয়, ‘মই এতিয়া ভাগৰি পৰিছো ৷ সেয়েহে, কম ছবি কৰিবলৈ আৰম্ভ কৰিছো । বহু সময়ত মোৰ লগত এনেকুৱা হয় যে এই শ্বটটো কেতিয়া দিছিলো, কি হৈছিল আৰু কোনখন ছবিৰ বাবে দিছিলো সেয়া মোৰ মনত নাথাকে ৷ যিটো একেবাৰে ঠিক নহয় । ৩৪০ দিন অভিনয় কৰিব নোৱাৰি, কিন্তু মই তাকেই কৰি আছিলো ।"
এই সময়ছোৱাত পংকজ ত্ৰিপাঠীয়ে নিজৰ ছবিৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে তেওঁ যিবোৰ ছবিত কাম কৰিছে সেই ছবিবোৰৰ কাহিনী তেওঁ ভাল পাইছিল আৰু সেয়েহে তেওঁ সেই ছবিবোৰত কাম কৰিছিল । ইয়াৰ সমান্তৰালকৈ পংকজ ত্ৰিপাঠীৰ বিশ্বাস যে যেতিয়া আপুনি ভোকত থাকে তেতিয়া আপুনি বেছিকৈ খায় । তেওঁৰ লগতো একেই কথা হৈছিল । তেওঁ কয়, “মোৰ লগতো একেধৰণৰ ঘটনা ঘটিছিল । যেনে, মোৰ হাতত বহুত কাম আহিছিল আৰু মই বেছিকৈ খাই গৈছিলো ৷”