চিটাৰা ডেস্ক, 4 অক্টোবৰ: অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে বৰ্তমান নিজৰ মাতৃত্বৰ সময় উপভোগ কৰি আছে ৷ কাৰণ প্ৰতিগৰাকী মাতৃৰ বাবেই ই এক বিশেষ অনুভূতি ৷ সেয়েহে, এই সময়খিনি নিজৰ সন্তানৰ সৈতে উপভোগ কৰি আছে অভিনেত্ৰীগৰাকীয়ে ৷ কিছুদিন পূৰ্বে বলীউডৰ এই ডিভাগৰাকীৰ জীৱনলৈ আহিছিল এটি কণমানি আলহী । কণমানি পুত্ৰ সন্তানটিৰ নাম ৰাখিছিল ফিনিক্স ডোলান। অভিনেত্ৰীগৰাকী মাতৃ হোৱাৰ ২ মাহ হ’ল আৰু অভিনেত্ৰীগৰাকীয়ে এই যাত্ৰাৰ আভাস ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে প্ৰায়ে শ্বেয়াৰ কৰি থাকে । এইবাৰো ইলিয়ানাই পুত্ৰ ফিনিক্সৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে । কিন্তু এইবাৰৰ ফটোখন আছিল কিছু ব্যতিক্ৰম ৷ আচলতে অভিনেত্ৰীগৰাকীক মানসিক চাপত থকা যেন লাগিছিল, কাৰণ তেওঁৰ পুত্ৰৰ স্বাস্থ্য ৷
ইলিয়ানাই নিজৰ আলাসৰ লাড়ুৰ সৈতে শেহতীয়াকৈ এখন নতুন ছবি শ্বেয়াৰ কৰিছে
অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ বৰ্তমান নিজা বাসগৃহতে আছে আৰু নিজৰ সন্তানটিৰ সম্পূৰ্ণভাৱে যত্ন লৈ আছে । যোৱা ১ আগষ্টত জন্মগ্ৰহণ কৰিছিল ফিনিক্স ডোলান । পুত্ৰৰ জন্মৰ পিচৰে পৰা ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আৰু সন্তানটিৰ মৰমীয়াল মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থকা দেখা যায় ৷ কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ কণমানিটোৰ সৈতে এখন ফটো পোষ্ট কৰিছিল, য’ত ইলিয়ানাক অলপ চিন্তিত যেন লাগিছিল ।