শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য ৷ ইয়াক খাদ্যত গাৰ্নিচিং হিচাপেও ব্যৱহাৰ কৰা হয় ৷ উৎসৱৰ বতৰত যদি আপুনি ঘৰতে বিশেষ কিবা এটা বনাব বিচাৰে তেন্তে ফল-মূল আৰু শুকান ফলৰ সহায়ত এই বিশেষ খাদ্য প্ৰস্তুত কৰিব পাৰে ৷
উৎসৱৰ বতৰ চলি আছে আৰু যদি ঘৰতে বিভিন্ন ধৰণৰ মিঠা খাদ্য তৈয়াৰ কৰা নহয়, তেন্তে উৎসৱটো যেন আধৰুৱা হৈ পৰে ৷ বিশেষকৈ গণেশ চতুৰ্থী উৎসৱত মিঠাইৰ চাহিদা বৃদ্ধি পায় ৷ ইয়াৰ বাহিৰেও যদি আপুনি মিঠা খাদ্যৰ ক্ষেত্ৰত বেলেগ কিবা এটা চেষ্টা কৰিব বিচাৰে তেন্তে ফল-মূল আৰু শুকান ফলৰ সহায়ত ঘৰতে পুষ্টিকৰ আৰু সোৱাদযুক্ত ৰেচিপি তৈয়াৰ কৰিব পাৰে ৷
বাদাম আৰু ফলৰ কাষ্টাৰ্ড
এই কাষ্টাৰ্ড বনাবলৈ আপুনিও আপোনাৰ প্ৰিয় ফলবিধ বাছি ল’ব পাৰে ৷ ইয়াক তৈয়াৰ কৰিবলৈ ১ লিটাৰ গাখীৰ কম জুইত উতলাই লওক ৷ গাখীৰ ঠাণ্ডা হ’লে তাত কাষ্টাৰ্ড পাউদাৰ আৰু চেনি দি ভালদৰে মিহলাই লওক ৷ তাত আঙুৰ আৰু ডালিমৰ গুটি মিহলাই লওক, তাৰ পিছত কটা শুকান ফলৰে সজাই লওক ৷ বাদাম আৰু ফলৰ কাষ্টাৰ্ড ৰেডি ৷