অসম

assam

Amitabh Bachchan: নিজৰ স্বাস্থ্যৰ বিষয়ে কি ক’লে অমিতাভ বচ্চনে ?

By

Published : Mar 20, 2023, 12:07 PM IST

নিজৰ স্বাস্থ্যৰ বিষয়ে জনালে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে (Amitabh Bachchan) ৷ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে তেওঁৰ ইচ্ছাৰ বিষয়ে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

I repair hope to be back on ramp soon  Amitabh Bachchan writes about his latest wish
নিজৰ স্বাস্থ্যৰ বিষয়ে জনালে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে ৷

চিটাৰা ডেস্ক, ২০ মাৰ্চ : ৰেম্পত খোজ দিয়া আৰু দৈনন্দিন জীৱনৰ কাম-কাজক মিছ কৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে (Amitabh Bachchan writes about his latest wish) । শেহতীয়াকৈ বিগ বিয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ ইনষ্টাগ্ৰামত মেগাষ্টাৰগৰাকীয়ে ৰেম্পত খোজ দিয়া নিজৰ এখন থ্ৰ’বেক ফটো পোষ্ট কৰে (Big B Shares His Health Update) । ফটোখনত ক’লা কুৰ্তা-পাইজামা আৰু কুৰ্তাত বগা এম্ব্ৰয়ডাৰী এম্ব’ছ কৰা সাজ পৰিধান কৰা পৰিলক্ষিত হৈছে মেগাষ্টাৰগৰাকীক । লগতে বগা জোতা আৰু ক’লা চশমাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ছুপাৰষ্টাৰগৰাকীয়ে ।

পোষ্টটোৰ কেপচনত ছুপাৰষ্টাৰগৰাকীয়ে লিখিছে, "মোৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰা সকলোকে ধন্যবাদ ৷ মই আশা কৰো মই সোনকালেই সুস্থ হৈ উঠিম ৷ আশা কৰো অতি সোনকালে ৰেম্পত উভতি আহিম ৷ " কেপচনত লগত এটা হাত ভাঁজ কৰা ইমোজি আৰু এটা গোলাপ ফুলৰ ইমোজিও শ্বেয়াৰ কৰিছে (Amitabh Bachchan latest post)।

উল্লেখ্য যে, প্ৰবীণ অভিনেতাগৰাকী শেহতীয়াকৈ হায়দৰাবাদত নিজৰ পৰবৰ্তী ছবি প্ৰজেক্ট কেৰ শ্বুটিং কৰি আছিল (Project k Shooting) ৷ কিন্তু দুৰ্ভাগ্যবশতঃ একচনৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে আহত হয় ছুপাৰষ্টাৰগৰাকী ৷ পিচত হায়দৰাবাদত প্ৰাথমিক চিকিৎসাৰ অন্তত অভিনেতাগৰাকীক বিমানেৰে মুম্বাইলৈ লৈ যোৱা হয় (AIG Hospital in Hyderabad)। ইফালে আহত হোৱাৰ খবৰ নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল ৷ ইয়াৰ পিচতে অনুৰাগীসকলে মেগাষ্টাৰগৰাকীক অহৰহ মৰম আৰু প্ৰাৰ্থনাত তেওঁক স্মৰণ কৰিছিল (Amitabh Bachchan shares health update)।

তেতিয়াৰ পৰাই প্ৰবীণ অভিনেতাগৰাকীয়ে নিজৰ ব্লগ আৰু টুইটৰ জৰিয়তে অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰি আহিছে (Amitabh Bachchan health condition) । ইফালে অভিনেতাগৰাকীৰ আৰোগ্যৰ খবৰ লাভ কৰাৰ পিচতে অনুৰাগীৰ মুখত হাঁহি বিৰিঙি উঠে । এই পোষ্টৰ পিচতে উৎসাহজনক মন্তব্যৰে এগৰাকী অনুৰাগীয়ে লিখিছে, "লাভ ইউ অমিতাভ বচ্চন, চাৰ নাইচ !" আন এজনে লিখিছে, "Black looks great on you... hope to see u dazzling ।" (ANI)

লগতে পঢ়ক:Amitabh Bachchan health update: অসুস্থ অৱস্থাতো অনুৰাগীক ফাকুৱাৰ শুভেচ্ছা জনালে অমিতাভ বচ্চনে

ABOUT THE AUTHOR

...view details