চিটাৰা ডেস্ক, 22 আগষ্ট:দেওবাৰে ছানী দেওলৰ সন্দৰ্ভত আহিছিল এটা দুখবৰ ৷ খবৰ অনুসৰি অভিনেতাগৰাকীয়ে বেংক অৱ বৰোদাৰ পৰা লোৱা ঋণ সময়মতে পৰিশোধ নকৰাৰ বাবে বেংকে তেওঁলৈ জাননী প্ৰেৰণ কৰিছিল ৷ জাননী অনুসৰি বেংক অৱ বৰোদাই তেওঁৰ মুম্বাই জুহুস্থিত বাংলোটো 25 ছেপ্টেম্বৰত নিলাম কৰাৰ কথা ঘোষণা কৰিছিল ৷ এই খবৰ অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ কিন্তু জাননী প্ৰেৰণ কৰাৰ এদিন পাচতেই সেই জাননী প্ৰত্যাহাৰ কৰে বেংকে ৷ এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে ৷
মঙলবাৰে অভিনেতা ছানী দেওলে বেংক অৱ বৰোদাৰ সম্পত্তি নিলামৰ জাননী সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে, এইবোৰ ব্যক্তিগত বিষয় হোৱাৰ বাবে মই কোনো মন্তব্য দিব নিবিচাৰো । চৰকাৰী বেংক বেংক অৱ বৰোদাই 56 কোটি টকা আদায় কৰিবলৈ অভিনেতা তথা বিজেপিৰ সংসদৰ সদস্য ছানী দেওলৰ সম্পত্তি নিলাম কৰিবলৈ সাজু হৈছিল ।
তেওঁ এই সন্দৰ্ভত কয়, "মই মন্তব্য দিব নিবিচাৰো । এইবোৰ ব্যক্তিগত কথা । মই এই বিষয়ে একো ক’ব নিবিচাৰো ৷ মানুহে ইয়াৰ বেলেগ মতলব উলিয়াব ৷’’ ইফালে বেংক অৱ বৰোদাই ছানী দেওলৰ সম্পত্তিৰ নিলামৰ জাননী কিয় প্ৰত্যাহাৰ কৰিলে তাৰ দুটা ডাঙৰ “কাৰিকৰী” কাৰণ উল্লেখ কৰিছে । পূৰ্বে বেংকে ই “কাৰিকৰী কাৰণ”ৰ উল্লেখ কৰি প্ৰকাশিত বিক্ৰীৰ জাননী প্ৰত্যাহাৰ কৰিছিল ।