চিটাৰা ডেস্ক, 26 মে’ :বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে তেওঁৰ ৫০ তম জন্মদিন ২৫ মে’ত উদযাপন কৰে ৷ বলীউডৰ তাৰকাসকলৰ বাবে এটা বিশাল পাৰ্টীৰ আয়োজন কৰিছিল কৰণে । বি-টাউনৰ বহু তাৰকাই এই পাৰ্টীত অংশ লয় । কেটৰিণাই বিকী কৌশলৰ সৈতে এই পাৰ্টীলৈ যোৱাৰ পৰিৱৰ্তে ছলমান খানক অকলেই দেখা গ’ল সকলোৰে মাজত ।
কৰণ জোহৰৰ এই বাৰ্থডে’ পাৰ্টীত বহুতো প্ৰাক্তন বলীউড প্ৰেমিক যুগল একেখন ছাদৰ তলত লগ হৈছিল । কিন্তু বেছিকৈ লাইমলাইট পালে হৃত্বিক ৰোশন আৰু শ্বাবা আজাদে (Saba azad Hrithik Roshan) । জন্মদিনত একেলগে উপস্থিত হোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিৱদ্ধ হৈছিল হৃত্বিক ৰোশন আৰু শ্বাবাৰ ওপৰত (Hrithik Roshan Saba Azad video) ।
কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত হাতত হাত থৈ সোমাই যোৱা হৃত্বিকৰ ষ্টাইলে শ্বাবা আজাদৰ সৈতে তেওঁৰ সম্পৰ্ক অফিচিয়েল কৰা যেন লাগিছে । এই বছৰৰ আৰম্ভণিতে, হৃত্বিক আৰু শ্বাবাক এখন ৰেষ্টুৰেণ্টৰ বাহিৰত নৈশ ভোজনত দেখা গৈছিল । তেতিয়াৰ পৰাই হৃত্বিক আৰু শ্বাবাৰ সম্পৰ্ককলৈ বলীউড আৰু অনুৰাগীসকলৰ মাজত যথেষ্ট আলোচনা হৈছে ।