চিটাৰা ডেস্ক, 24 জুলাই :শনিবাৰে নিশা মুম্বাই বিমানবন্দৰত একেলগে দেখা গ’ল বলীউডৰ তাৰকা হৃতিক ৰোছন আৰু তেওঁৰ প্ৰেমিকা ছাবা আজাদক(Hrithik Saba spotted at airport) । পাপ্পাৰাজি সকলৰ বাবে, দুয়োজনে বিমানবন্দৰত হাতে হাত ধৰি প্ৰৱেশ কৰিছিল(Hrithik Roshan Saba Azad back from holiday) । প্ৰেমিক যুগলটোক পাপ্পাৰাজ্জিসকলৰ আগত খুবেই সুখী দেখা গৈছিল ।
উল্লেখ্য যে, বিগত পষেক ধৰি হৃত্বিকৰ সৈতে ৰোমান্টিক মূহোৰ্ত কটোৱাত ব্যস্ত আছিল ছাবা(Hrithik with girlfriend Saba Azad) । ইয়াৰ পিছতে শনিবাৰে নিশা ভাৰতলৈ উভতি অহাৰ পূৰ্বে দুয়ো ভিনটেজ গাড়ীত লংগ ড্ৰাইভলৈ যায়, লণ্ডনত কিছু জাজ সংগীত(Jazz music) উপভোগ কৰাৰ লগতে কিছু আড়ম্বৰপূৰ্ণ খাদ্যৰ সোৱাদ লয় দুই Lovebirdsয়ে । একেলগে বিমানবন্দৰত ক্লিক কৰা ফটো ভিডিঅ’ সমূহ ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছিল(Hrithik Roshan returns from Europe) ।
ফেব্ৰুৱাৰী মাহত একেলগে দুয়োকে ডিনাৰ ডেটত দেখা পোৱাৰ লগে লগে হৃত্বিক আৰু ছাবাৰ বিষয়ে বহু উৰাবাতৰিও প্ৰচাৰ হৈছিল । পিছলৈ ছাবাইও হৃত্বিকৰ পৰিয়ালৰ সৈতে এক গেট-টুগেদাৰৰ বাবে যোগদান কৰে । অৱশ্যে প্ৰযোজক কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ পাৰ্টিত প্ৰথমবাৰৰ বাবে দুয়োকে একেলগে দেখা পোৱাৰ পিছৰে পৰাই হৃত্বিক আৰু ছাবাই ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আহিছে ।