চিটাৰা ডেস্ক, 4 জুন :বলীউডৰ ষ্টাইলিছ অভিনেতা হৃত্বিক ৰোছন পেছাদাৰী জীৱনতকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেহে বেছিকৈ চৰ্চাত থাকে । এইবাৰে হৃত্বিক চৰ্চালৈ আহিছে প্ৰাক্তন পত্নী চুজেন খানক প্ৰশংসা কৰি । চুজেন আৰু হৃত্বিকৰ ইতিমধ্যেই বিবাহ বিচ্ছেদ হৈছে । কিন্তু তাৰ পিছতো দুয়োৰে মাজত এক ভাল সম্পৰ্ক বৰ্তি আছে (Hrithik Roshan Sussanne) । সন্তানৰ বাবে দায়িত্ব পালন কৰা সময়ত সদায় এক হৈ পৰে হৃত্বিক আৰু চুজেন ৷
শেহতীয়াকৈ হৃত্বিকৰ প্ৰাক্তন পত্নী চুজেন খানে হুইস্কি ব্ৰেণ্ড চিৱাছ ৰিগালৰ এটা নতুন ব্ৰেণ্ড মুকলি কৰে । ব্ৰেণ্ড মুকলিৰ অনুষ্ঠানত চুজেনৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা আৰ্ছলান গোনিৰ সৈতে হৃত্বিক ৰোছনো উপস্থিত আছিল ৷ উক্ত অনুষ্ঠানত তোলা ফটোবোৰ সংগ্ৰহ কৰি চুজেনে এটা ভিডিঅ' প্ৰস্তুত কৰে আৰু তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰে ( Sussanne Khan instagram) ৷ ভিডিঅ’টোত চুজেন, হৃত্বিক, আৰ্ছলান সকলোকে একেলগে দেখা গৈছে ৷