অসম

assam

ETV Bharat / entertainment

Koi Mil Gaya Movie: ছবিগৃহত মুক্তি পালে কোই মিল গয়া, যাদুৰ ধাৰণা কেনেকৈ মনলৈ আহিছিল ৰাকেশ ৰোশনৰ ? - কোই মিল গয়া

কোই মিল গয়া ছবিখনত যাদু অনাটো একেবাৰেই সহজ নাছিল । শেহতীয়াকৈ ছবিখনৰ পৰিচালক ৰাকেশ ৰোশনে কয় যে আগতে ছবিখনৰ এটা দৃশ্য শ্বুটিং কৰিবলৈ পাঁচ ঘণ্টা সময় লাগিছিল । ছবিখনৰ বিষয়ে ৰাকেশ ৰোশনে আৰু কি কি ক’লে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Hrithik Roshan excited lot on Re-Release of his blockbuster movie Koi... Mil Gaya, WATCH
আজি ছবিগৃহত মুক্তি পালে কোই মিল গয়া

By

Published : Aug 4, 2023, 5:43 PM IST

চিটাৰা ডেস্ক, 4 আগষ্ট: ২০০৩ চনত মুক্তি পোৱা হৃতিক ৰোশন আৰু প্ৰীতি জিন্টাৰ কোই মিল গয়া ছবিখন পুনৰ এবাৰ দৰ্শকৰ মাজলৈ অনাৰ সিদ্ধান্ত লৈছে নিৰ্মাতাসকলে । ছবিখন 20 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজি ছবিগৃহত পুনৰ মুক্তি দিয়া হ’ল ছবিখন ৷ কিন্তু কোই মিল গয়াৰ বাবে ‘যাদু’ৰ ধাৰণাটো মনলৈ কেনেকৈ আহিল জানেনে ? কোই মিল গয়াৰ পৰিচালক ৰাকেশ ৰোশনে ছবিখনৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত এটা সাক্ষাৎকাৰ দিছে, য’ত তেওঁ কয় যে তেওঁ এনে এখন ছবি নিৰ্মাণ কৰিব বিচাৰিছিল, য’ত সৰু, মৰমলগা আৰু শিশুৰ সৈতে খেলা-ধূলা কৰা এলিয়েনক দেখাব পাৰে ৷ পৰিচালকগৰাকীয়ে তেওঁৰ সাক্ষাৎকাৰত কৈছে যে এই ধাৰণাটো আৰম্ভণিতে কাৰো মনলৈ অহা নাছিল ৷

‘যাদু’ৰ ধাৰণাটো পছন্দ কৰা নাছিল একাংশই ?

শেহতীয়াকৈ ৰাকেশ ৰোশন মুভিজে বলীউড হাংগামাৰ কোই মিল গয়াৰ বিষয়ে কয় । ৰাকেশ ৰোশনে কয় যে যাদুৰ বিষয়ে তেওঁৰ ধাৰণা প্ৰথমে কোনেও বুজি পোৱা নাছিলে, আৰম্ভণিতে তেওঁৰ সৃষ্টিশীলতাক কোনেও বুজিব পৰা নাছিল । ৰাকেশ ৰোশনে কয়- ‘যেতিয়া মই প্ৰথমবাৰৰ বাবে মোৰ ধাৰণাটো কৈছিলোঁ, তেতিয়া মই কৈছিলোঁ যে হলিউডত বহু ক্ৰিয়েছাৰ ছবি এখনত দেখা যায়, গতিকে আমি এনে এখন ছবি কিয় বনাব নোৱাৰো। মই ক’লোঁ যে- মই এলিয়েনৰ ওপৰত ছবি এখন বনাব বিচাৰো, এলিয়েন দেখা কেনেকুৱা মই নাজানো কিন্তু মোৰ মনত এটা ইমেজ আছে, য’ত তেওঁ সৰু, গভীৰ চকুৰ হ’ব লাগে, মুখেৰে কথা কোৱা নহয় কিন্তু মাধ্যমেৰে কথা কোৱা হ’ব লাগে তাৰ চকু দুটা ।'

কেনেকৈ পৰ্দাত আহিছিল যাদু ?

ৰাকেশ ৰোশনে ক’লে- ‘কিন্তু মই উত্তৰ পালোঁ যে আপুনি ইয়াক ব্যৱসায়িকভাৱে কেনেকৈ সফল কৰিব ছবিখন ৷ তাৰ পিচত মই থতমত খালোঁ যে মই ইয়াত সৃষ্টিশীলতাৰ কথা কৈছো আৰু তেওঁ কমাৰ্চিয়েলৰ কথা কৈছে, গতিকে মই সেই স্থানৰ পৰা ওলাই আহিলোঁ । তাৰ পিচত মই আন এটা ষ্টুডিঅ’ পালোঁ, তাৰ পিচত মোৰ পত্নীয়ে এই ধাৰণাটোৰ প্ৰতি আগ্ৰহী হ’ল, মোৰ পত্নীয়ে সুধিলে যে আমি এতিয়ালৈকে ছবিত ওখ আৰু পাতল এলিয়েন দেখিছো । কিন্তু আপোনাৰ চিন্তা-ধাৰা বেলেগ ৷ এইটো কিয় বিচাৰে আপুনি ? তাৰ পাচত মই ক’লো যে ল’ৰা-ছোৱালীৰ লগত খেলা-ধূলা হ’ব লাগে এলিয়েন, এলিয়েনৰ প্ৰতি মানুহৰ ভয় থাকিব নালাগে, বৰঞ্চ মৰম দিব লাগে । তাৰ পিছত গোটেই কাহিনীটো মোৰ পত্নীক ক’লো ৷ তাৰ পিছত পিছদিনা পুৱাই তেওঁ মোলৈ ‘যাদু’ৰ অংকন পঠিয়াই দিলে।

হৃতিক ৰোশনৰ কেৰিয়াৰ লগত কেনেকৈ জড়িত এইখন ছবি !

ৰাকেশ ৰোশনে তেওঁৰ সাক্ষাৎকাৰত কয়, এই ছবিখন হিট হ’ব নে নহয় তেওঁ নাজানে । এনে পৰিস্থিতিত তেওঁ পুত্ৰৰ কেৰিয়াৰ বিপদাপন্ন কৰিছিল ৷ কাৰণ কোই মিল গয়াৰ পূৰ্বে হৃতিক ৰোশন ফিল্মছৰ ছবি মে প্ৰেম কী দীৱানী হুন ফ্লপ হৈছিল । কিন্তু তাৰ পিচত যেতিয়া মই হৃতিকৰ সৈতে প্ৰথম শ্বটটো শ্বুট কৰিছিলো তেতিয়া মই ১০০% নিশ্চিত আছিলো যে এই ছবিখন ছুপাৰহিট হ’ব ।

এটা দৃশ্য শ্বুট কৰিবলৈ সময় লাগিছিল পাঁচ ঘণ্টা !

ৰাকেশ ৰোশনে কোই মিল গয়াৰ বিষয়ে কয় যে ছবিখনত যাদু আৰু হৃত্বিকৰ উচ্চতাৰ মিলন কৰাত বহু সমস্যা হৈছিল । যিহেতু যাদুই কথা ক’ব পৰা নাছিল, গতিকে দুয়োৰে এক্সপ্ৰেছন একেলগে ধৰি ৰখাটো সহজ নাছিল । ৰাকেশে কয় যে এটা দৃশ্য বাৰে বাৰে শ্বুটিং কৰিবলগীয়া হৈছিল, তেনে ক্ষেত্ৰত পাঁচ ঘণ্টা সময় লাগিছিল ।

লগতে পঢ়ক:OMG 2 Trailer: অক্ষয় কুমাৰৰ OMG 2 ৰ ট্ৰেইলাৰ মুক্তি, শিৱগণৰ ৰূপত অক্ষয় আৰু শিৱ ভক্তৰ ৰূপত পংকজ ত্ৰিপাঠী

ABOUT THE AUTHOR

...view details