অসম

assam

By

Published : Feb 27, 2023, 2:18 PM IST

ETV Bharat / entertainment

Hrithik Roshan and Saba Azad Liplock: হৃতিক-ছাবাৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল ছ’চিয়েল মিডিয়াত

হৃতিক ৰোশন আৰু চাবা আজাদৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ ভিডিঅ’টোত দুয়োকে বাহনত লিপলক কৰা পৰিলক্ষিত হৈছে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতেই সামাজিক মাধ্যমত বিভিন্ন জনে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে (Hrithik Roshan and Saba Azad Liplock) ৷

HRITHIK ROSHAN AND SABA AZADS LIP LOCK VIDEO GOES VIRAL WATCH
হৃতিক ৰোশন আৰু চাবা আজাদৰ ভিডিঅ’

চিটাৰা ডেস্ক, 27 ফেব্ৰুৱাৰী: নিজৰ ব্যক্তিগত জীৱনৰ বাবে শেহতীয়াকৈ চৰ্চা লাভ কৰিছে বলীউডৰ ছুপাৰহিৰো হৃতিক ৰোশনে ৷ হৃতিক আৰু গায়িকা চাবা আজাদৰ ডেটিঙৰ খবৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈ হৈছে ৷ বয়সত চাবা হৃতিকতকৈ ১৪ বছৰৰ সৰু । কিন্তু কয় নহয়, প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে বয়সৰ সীমা ৷ তাৰেই এক জলন্ত উদাহৰণ হৃতিক-চাবা ৷

ইফালে চাবাৰ বিপৰীতে হৃতিকৰ বয়স বৰ্তমান ৪৯ বছৰ । হৃতিক আৰু চাবাক প্ৰায়ে দেখা পোৱা যায় একেলগে ৷ আউটিঙতো সদায় একেলগে দেখা যায় এই যুটিয়ে ৷ কেতিয়াবা যদি হৃতিকে চাবাৰ ফটোত কমেন্ট দিয়ে আন কেতিয়াবা আকৌ চাবাই হৃতিকৰ পোষ্টত কমেণ্ট দিয়া পৰিলক্ষিত হয় । এইবাৰ পুনৰ চৰ্চালৈ আহিছে এই দুই প্ৰেমিক-প্ৰেমিকা ৷ দুয়োৰে এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত দুয়োকে বাহনৰ ভিতৰত লিপ-লক কৰা পৰিলক্ষিত হৈছে (Hrithik Roshan and Saba Azad Liplock) ৷

বিৱৰণী অনুসৰি, মুম্বাই বিমানবন্দৰৰ পৰা হৃতিক আৰু চাবাৰ লিপ-লকৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে (Hrithik Roshan kisses Saba Azad at airport) । ভাইৰেল ভিডিঅ’টোত হৃতিক আৰু চাবাই বাহনত ইগৰাকীয়ে সিগৰাকীক চুম্বন কৰি থকা দেখা পোৱা গৈছে ৷ ৰাজহুৱা স্থানত এই দুই প্ৰেমিক-প্ৰেমিকাই চুমা খাই থকা ভিডিঅ’টো ছচিয়েল মিডিয়াত ব্ৰেকিং হৈ পৰিছে (Hrithik and Saba liplock video goes viral)।

উল্লেখ্য যে, যোৱা বছৰ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত হৃতিক আৰু চাবাক নিশাৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল,তাৰ পিচতেই চৰ্চালৈ আহিছিল হৃতিক-চাবা । প্ৰথম অৱস্থাত দুয়োৱে গোপনে ভাৱে লগ পাইছিল যদিও লাহে লাহে নিজৰ সম্পৰ্ক ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰিলে দুই প্ৰেমিক-প্ৰেমিকাই । কৰণ জোহৰৰ ৫০তম জন্মদিনত হৃতিক ৰোশনে প্ৰেমিকা চাবাৰ সৈতে জন্মদিনৰ পাৰ্টিত উপস্থিত হোৱাৰ পিচতেই এক প্ৰকাৰে নিশ্চিত হৈ পৰিছিল দুয়োৰে সম্পৰ্ক ৷

হৃতিক-চাবাৰ ভাইৰেল লিপ-লক ভিডিঅ'ত সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিভিন্ন মন্তব্য প্ৰকাশ কৰে ৷ হৃতিকৰ এজন অনুৰাগীয়ে লিখিছে, 'কি হাস্যকৰ কাম, সঁচা নেকি হৃতিক? তুমি ধুনীয়া ছোৱালীৰ যোগ্য ।" ইফালে বহু ব্যৱহাৰকাৰীয়ে পাপাৰাজীক প্ৰেমিক-প্ৰেমিকাৰ গোপনীয়তা ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে । আনফালে হৃতিক-চাবাৰ অনুৰাগীসকলে অপেক্ষা কৰি আছে দুয়োৰে বিয়াৰ ।

লগতে পঢ়ক:Ajay Kajol marriage Anniversary: বিয়াৰ পূৰ্বে কেইবাৰ ব্ৰেকআপ হৈছিল কাজল-অজয়ৰ মাজত ?

ABOUT THE AUTHOR

...view details