চিটাৰা ডেস্ক, 5 জুন: শেহতীয়াকৈ আশীষ বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহ সন্দৰ্ভত বহু চৰ্চা চলিছে (Ashish Vidyarthi) । ৬০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে ব্যৱসায়ী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আশীষ । এই বয়সত দ্বিতীয় বিবাহ কৰাৰ বাবে অভিনেতাগৰাকীক একাংশ লোকে টাৰ্গেট কৰি থকাৰ বিপৰীতে আনফালে কিছু লোকে তেওঁৰ সমৰ্থনত থিয় দিছে । এতিয়া এই সকলোবোৰৰ মাজতে আশীষে প্ৰকাশ কৰিছে যে এই সকলোবোৰ কথাই তেওঁৰ পুত্ৰৰ ওপৰত কি প্ৰভাৱ পেলাইছিল আৰু তেওঁৰ পুত্ৰই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল (Ashish vidyarthi first wife) ।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত আশীষ বিদ্যাৰ্থীয়ে নিজৰ জীৱনৰ কথা কওঁতে কৈছিল, সেই সময়ত তেওঁৰ ভিতৰত বহুত গিল্ট আছিল । পুত্ৰক এনে জীৱন দিব বিচৰা নাছিল ।আশীষ আৰু পূৰ্বৰ পত্নীয়ে গম পাইছিল যে একেলগে থাকিলে দুয়োৰে বাবে সকলো অসাৰ হৈ পৰিব । কেৱল এয়াই নহয়, তেওঁলোকৰ মাজৰ পৰিৱৰ্তনে তেওঁলোকৰ পুত্ৰকো প্ৰভাৱিত কৰিব আৰু দুয়োগৰাকীয়ে তেওঁলোকৰ বাবে বিষৰ টোপালৰ দৰে হ’ব (Ashish Vidyarthis son Arth react) ।
কেনে আছিল পুত্ৰ অৰ্থৰ প্ৰতিক্ৰিয়া