চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি পাঠানক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ (Pathaan controversy in India) ৷ ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত ৷ দেশজুৰী ছবিখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ (Protest against Pathaan) ৷
ছবিগৃহসমূহতো উদ্ভণ্ডালি কৰিছিল একাংশই ৷ ছবিখনত শ্বাহৰুখৰ লগত অভিনয় কৰা অভিনেত্ৰী দীপিকাই গেৰুৱা বস্ত্ৰ পৰিধান কৰি হিন্দু ধৰ্মৰ অপমান কৰা বুলি একাংশই অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু মুক্তিৰ পিচতেই যেন দৃশ্যপট সলনি হৈ গ’ল ছবিখনৰ ৷ বক্স অফিচ ব্লকবাষ্টাৰ হিট ৰূপে পৰিগণিত হয় ছবিখন (Pathaan controversy) ৷
উল্লেখ্য যে, এই ছবিখনত দীপিকাৰ বেশৰম ৰং গীতটিৰ বাবেই বিশেষকৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু সেই সময়ত এইক্ষেত্ৰত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল দীপিকাই ৷ অৱশেষত এই সন্দৰ্ভত মৌনতা ভংগ কৰিলে অভিনেত্ৰীগৰাকীয়ে (Deepika Padukone on Pathaan controversy) ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয়, “অভিজ্ঞতা আৰু পৰিপক্কতাই মোক কঠিন সময়ৰ পৰা উলাই আহিবলৈ সহায় কৰিছিল ৷ বিশেষকৈ ক্ৰীড়াৰ পটভূমিয়ে মোক সংযমৰ বিষয়ে বহু কথা শিকাইছিল ।"