চিটাৰা ডেস্ক, 4 আগষ্ট: শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ কাৰ্জাটৰ এন ডি ষ্টুডিঅ’ত চিপ লৈ আত্মহত্যা কৰে জ্যেষ্ঠ কলা নিৰ্দেশক নীতিন দেশাইয়ে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি নীতিন দেশাইৰ কোম্পানীটোৱে কোটি কোটি টকাৰ ঋণ লৈ থৈছিল । লগতে সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নীতিন দেশাইয়ে মৃত্যুৰ পূৰ্বে এটা অডিঅ’ ক্লিপ ৰেকৰ্ডিং কৰিছিল, যাৰ তথ্য এতিয়া চৰ্চালৈ আহিছে । মৃত্যুৰ পূৰ্বে ৰেকৰ্ডিং কৰা অডিঅ’টোত নীতিন দেশাইয়ে কয় যে, তেওঁ এডেলৱেইছ কোম্পানীৰ বাহিৰে আন কাকো দোষ নিদিয়ে ।
নীতিন দেশাইয়ে অডিঅ’ ৰেকৰ্ডিঙত তথ্য দিছে যে এডেলৱেইছ কোম্পানীটোৰ বাবে বিপদত পৰিবলগীয়া হৈছিল, প্ৰতাৰণৰ বলি হৈছিল আৰু মানসিক শাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ এই ক্লিপটোত তেওঁ কৈছে যে, এডেলৱেইছ কোম্পানীটোৰ বাহিৰে নিজৰ মৃত্যুৰ বাবে আন কাকো দোষ নিদিয়ে ।
মহাৰাষ্ট্ৰ চৰকাৰলৈ আবেগিক আবেদন
লালবাগৰ ৰজাক শেষ প্ৰণাম জনাই অডিঅ’ ক্লিপটোৰ যোগে মহাৰাষ্ট্ৰ চৰকাৰক আহ্বান জনাইছে নীতিন দেশাইয়ে । নীতিন দেশাইয়ে কৈছে- মই বহুত কষ্ট আৰু বহু সপোনেৰে এই ষ্টুডিঅ’টো গঢ় দিছিলো ৷ জীৱনত বহু অসুবিধাৰ সন্মুখীন হৈ এই ষ্টুডিঅ’টো সম্পূৰ্ণ কৰিছিলোঁ । জীৱনত বহু উত্থান-পতন ঘটিছিল, সফলতা-বিফলতা আহিছিল, সকলো অসুবিধাৰ সন্মুখীন হৈছিলো । কিন্তু এই ষ্টুডিঅ’টোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ ।