চিটাৰা ডেস্ক, 7 ছেপ্টম্বৰ :দূৰদৰ্শন শ্ৰীনগৰৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্তত কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰক সংসদীয় তথ্য প্ৰযুক্তিৰ স্থায়ী সমিতিৰ বাবে এটা হিন্দী গীত গোৱাৰ বাবে অনুৰোধ জনোৱা হৈছিল । শশী থাৰুৰ কণ্ঠত নিগৰিছিল এক আজনাবি হাছিনা ছে ইউ মুলাকাত হো গয়ি গীতটো । উপস্থিত সকলোৱে থাৰুৰৰ গান শুনি আপ্লুত হৈছিল । তেওঁৰ এই ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে ।
শশী থাৰুৰে তেওঁৰ টুইটাৰত লিখিছে (Shashi Tharoor Twitter), "দূৰদৰ্শন শ্ৰীনগৰৰ তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ বাবে সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত মই উপস্থিত সদস্যসকলৰ বাবে গান গোৱাৰ বাবে প্ৰেৰিত হৈছিলো । অপেচাদাৰী আৰু অভ্যাসহীন হ'লেও উপভোগ কৰক!''