অসম

assam

ETV Bharat / entertainment

Hina Khan breakup news: হিনা খানৰ সৈতে ব্ৰেকআপৰ বাতৰি উফৰাই পেলালে ৰকি জয়ছৱালে - Hina Khan instagram

ব্ৰেকআপৰ উৰাবাতৰি প্ৰচাৰ হৈ থকা মাজতে হিনাই তেওঁৰ ব্যক্তিগত জীৱনকলৈ হৈ থকা আলোচনা বন্ধ কৰিবলৈ শ্বেয়াৰ কৰে এটা নতুন পোষ্ট ৷ ইনষ্টাগ্ৰামত হিনাই এই পোষ্টটো (Hina Khan instagram) শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীসকল ব্ৰেকআপ নাই হোৱা বুলি নিশ্চিত হৈ পৰে ৷

Hina Khan
ব্ৰেকআপৰ বাতৰি উফৰাই পেলালে ৰকি জয়ছৱালে

By

Published : Dec 7, 2022, 4:38 PM IST

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ : অভিনেত্ৰী হিনা খানে নিজৰ ৰহস্যময় পোষ্টেৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰে । "বিশ্বাসঘাতকতা"ৰ ওপৰত মনৰ ভাৱ লিখি নিজৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰিছিল হিনাই ৷ অনুৰাগীসকলে এয়া প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে ৷ পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে নেটিজেন আৰু কেইবাটাও ৱেবলয়ডে এই সিদ্ধান্তত উপনীত হয় যে হিনা আৰু ৰকি জয়ছৱালৰ 13 বছৰীয়া প্ৰেমৰ সম্পৰ্কত আউল লাগিছে (Hina Khan breakup news) ৷

ব্ৰেকআপৰ বাতৰি উফৰাই পেলালে ৰকি জয়ছৱালে

হিনা-ৰকিৰ সম্পৰ্কক লৈ জল্পনা-কল্পনা চলি থাকোতেই হিনাই ইনষ্টাত তেওঁৰ আগন্তুক প্ৰজেক্টৰ কথা উল্লেখ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে ৷ জি থিয়েটাৰত আহিব লগীয়া Shadyantra ৰ টিজাৰ শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ভিডিঅ'টো শ্বেয়াৰ কৰি হিনাই লিখিছে, "মে ফাচী হু ঝুথ আৰু ফাৰেব কে জাল মে । কিচনে ৰচা ইয়ে #Shadyantra"? যাৰ অৰ্থ হৈছে, "মই মিছা আৰু প্ৰৱঞ্চনাৰ মাজত আৱদ্ধ হৈ আছোঁ । এই #ষড়যন্ত্ৰ কোনে সৃষ্টি কৰিছিল ?"

ব্ৰেকআপৰ উৰাবাতৰিৰ মাজতে ৰকিয়ে ইনষ্টাগ্ৰাম ষ্ট'ৰীছত Shadyantra ৰ টিজাৰ শ্বেয়াৰ কৰে য'ত লিখা আছে "কুইন ইজ ইয়েত এগেইন"। হিনাৰ অনুৰাগী আৰু শুভাকাংক্ষীয়ে এই আপডেট দেখি শান্তি লভিছে । হিনা আৰু ৰকীৰ বিচ্ছেদৰ বাতৰি প্ৰথমবাৰৰ বাবে ভাইৰেল হোৱা নাই । 2021 চনতো এই বাতৰি প্ৰকাশ হৈছিল ৷ অৱশ্যে সময়ৰ লগে লগে দুয়োৰে সম্পৰ্ক শক্তিশালীহে হৈ গৈ আছে ।

হিনাই বিগ বছ 11ত ৰকিক সম্পৰ্কৰ বাবে "হয়" বুলি কৈছিল আৰু তেতিয়াৰ পৰাই প্ৰেমিক যুগল অবিচ্ছেদ্য হিচাপে সকলোৰে আগত ধৰা দি আহিছে । ইয়াৰ পূৰ্বে ৰকিয়ে হিনাৰ সৈতে বিবাহৰ পৰিকল্পনাৰ বিষয়ে মুকলি কৈছিল যে, তেওঁলোক কেইবা বছৰো ধৰি একেলগে আছে আৰু “এটা সমাজৰ টেগৰ বাবে আৰু কেৱল এই সম্পৰ্কৰ বিষয়ে অফিচিয়েল হ’বলৈ কিবা এটা কৰাৰ প্ৰয়োজন নাই”।

ইফালে, হিনাৰ আগন্তুক নাটক Shadyantra থ্ৰিলাৰখনত কুনাল ৰয় কাপুৰ, চন্দন ৰায় সন্যাল, শ্ৰুতি বাপনা, অনং দেশাই আদিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক : Ashish Vidyarthi visit Assam: শুৱালকুছি ভ্ৰমণ কৰি অভিভূত হৈ পৰিল অভিনেতা আশীষ বিদ্যাৰ্থী

ABOUT THE AUTHOR

...view details