অসম

assam

ETV Bharat / entertainment

Hina Khan Village Life: চৌকাত ৰুটি বনালে টিভিৰ এইগৰাকী গ্লেমাৰাছ ডিভাই, ব্যৱহাৰকাৰীয়ে ক’লে - ইমান দেখুৱাব নালাগে

টিভি অভিনেত্ৰী হিনা খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে । বৰ্তমান গাঁৱত আছে অভিনেত্ৰীগৰাকী, গাঁৱৰ পৰা শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে হিনাই ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

By

Published : Aug 7, 2023, 7:12 PM IST

Hina Khan Making A Round Roti On The Chulha, Netizens trolls
হিনা খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে

চিটাৰা ডেস্ক, 7 আগষ্ট: টিভি ধাৰাবাহিক ‘য়ে ৰিস্তা ক্যা কেহলাতা হে’ৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী হিনা খানক আজি কোনে চিনি নাপায় ৷ অৱশ্যে এই ধাৰাবাহিকখনৰ বাহিৰেও অভিনেত্ৰীগৰাকীয়ে আন বহু শ্ব’ত কাম কৰিছে আৰু আজি লাখ লাখ অনুৰাগী আছে অভিনেত্ৰীগৰাকীৰ । ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযুক্ত হৈ থাকে অভিনেত্ৰীগৰাকী । নিজৰ সৈতে জড়িত প্ৰায় প্ৰত্যেকটা আপডেট হিনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে হিনাই ৷ বৰ্তমান গাঁৱত সময় অতিবাহিত কৰিছে হিনাই ৷ শেহতীয়াকৈ হিনাই গাঁৱৰ পৰা এটা ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত হিনাক ৰুটি বনোৱা দেখা পোৱা গৈছে ৷ অৱশ্যে ৰন্ধন গেছত নহয়, মাটিৰ চৌকাত হে অভিনেত্ৰীগৰাকীয়ে বনাইছে ৰুটি ৷ মাটিৰ চৌকাত ৰুটি বনোৱাত অত্যন্ত সুখী দেখা পোৱা গৈছিল হিনাক ৷ কেপচনত হিনা খানে লিখিছে, "প্ৰথমবাৰ।" ইয়াৰ পৰাই বুজিব পাৰি যে প্ৰথমবাৰৰ বাবে চৌকাত ৰুটি বনাইছিল হিনাই সেয়াহে সুখৰ অন্ত নোহোৱা হৈছে হিনাৰ ৷

ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো ৷ অনুৰাগীসকলে ভিডিঅ’টোৰ প্ৰতি অতি আকৰ্ষিত হৈ কমেণ্ট ছেকচনতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্যত লিখিছে, "কিমান ধুনীয়া।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "So cute." আন এজন ব্যৱহাৰকাৰীয়ে ক’লে, "আপোনাৰ কি হাঁহি ।" গতিকে কিছুমান অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক পাঞ্জাবী ষ্টাইলত চাব বিচাৰে।

অৱশ্যে আন একাংশই আকৌ অভিনেত্ৰীগৰাকীক সমালোচনাও কৰিছে

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'ইমান শ্ব’ অফ কৰিব নালাগে...ৰুটি বনোৱাটো লাজৰ কথা নহয়।' এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এইসকল লোকে সৰুৰে পৰা কেতিয়াও পাকঘৰ দেখা নোপোৱাৰ দৰে ব্যৱহাৰ কিয় কৰে। আপোনাৰ বয়স ৩৫ বছৰৰ কম নহ’ব, এই বয়সত যদি আপুনি ৰুটি বনাব নাজানে তেন্তে আপুনি মহান নহয় । একে সময়তে এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'হিনাজীয়ে ৰুটি বনাবলৈ শিকিলে, গতিকে এতিয়া আপুনি বিবাহপাশ আৱদ্ধ হ’ব লাগে ৷

হিনা খানৰ ডেবিউ শ্ব'

'য়ে ৰিস্তা ক্যা কেহলাতা হে' আছিল হিনা খানৰ প্ৰথম টিভি শ্ব’, যাৰ জৰিয়তে তেওঁ সৰু পৰ্দাত অভিনয় যাত্ৰা আৰম্ভ কৰি বিখ্যাত হৈছিল। এই ধাৰাবাহিকখনত তেওঁ সংস্কাৰী বোৱাৰী অক্ষৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰোহিত শ্বেট্টীৰ শ্ব’ খতৰোঁ কে খিলাড়ি আৰু ছলমান খানৰ শ্ব’ বিগ বছতো হিনাই অংশ গ্ৰহণ কৰিছে। অভিনয়ৰ উপৰিও হিনা ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় হৈ থাকে আৰু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে। এক কোটিৰো অধিক ৮০ লাখ লোকে ইনষ্টাগ্ৰামত হিনাক ফ’ল’ কৰে।

লগতে পঢ়ক:Sunny Deol on Seema Haider: সীমা হাইদৰ আৰু অঞ্জুক লৈ ছানী দেওলৰ মন্তব্য প্ৰকাশ

ABOUT THE AUTHOR

...view details